গুৱাহাটী, সংবাদ ৩৬৫, ১০ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যহত থকাৰ সময়তে বৃহস্পতিবাৰে এই বিধেয়ক খনৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰে তৈল নগৰী ডিগবৈ৷ বৃহত্তৰ ডিগবৈ ঐক্যমঞ্চৰ আহ্বানক্ৰমে সমগ্ৰ ডিগবৈত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী বিধয়েকৰ বিৰোধীতা কৰি ৰাজপথলৈ ওলাই আহে৷ প্ৰতিবাদী ৰাইজে মুলিয়াবাৰীৰ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহৰ পৰা চাৰিআলিৰ পেট্ৰল পাম্পলৈকে জোঁৰ সমদল কৰি কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, ৰাজ্য চৰকাৰ মূৰ্দাবাদ, জাতীয় নায়ক মূর্দাবাদ শ্ল’গানৰে ৰাজপথ উত্তাল কৰি তুলে৷ প্ৰতিবাদী দল সংগঠন, ৰাইজ, অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে নাগৰিকত্ব সংশোধনী বিধয়েকখনৰ তীব্ৰ বিৰুধীতা কৰাৰ লগতে তিনিচুকীয়াত সংসদীয় যুতিয়া সমিতিক শুনানী গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে৷ নলবাৰী জিলাতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি নলবাৰী জিলা ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই। নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজোতি পাঠক, সম্পাদক অক্ষয় ডেকাৰ লগতে কেন্দ্ৰীয় সাংগঠনিক হিমান বৰ্মনৰ লগতে ছাত্ৰ সন্থাৰ কেইৱাশতাধিক কৰ্মী আৰু স্থানীয় ৰাইজে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।