গোলাঘাট, সংবাদ ৩৬৫, ১১ মেঃ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই শুক্ৰবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰতিকৃতি দাহ কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত বিৰূপ মন্তব্য দিয়াৰ প্ৰতিবাদত গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰে। উচ্চতম নায়ালয়ৰ নিৰ্দেশক ভেঙুচালি কৰি নাগৰিকপঞ্জী সম্পৰ্কত বিৰূপ মন্তব্য দিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক অতি সোনকালে গ্ৰেপ্তাৰৰ দাবী জনাই ছাত্র সংগঠনটোৱে ৰাজেন গোহাঁই মূর্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মূর্দাবাদ শ্ল’গানেৰে গোলাঘাটৰ ৰাজপথ উত্তাল কৰি তোলে।