বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১১ মেঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই শুক্ৰবাৰে সংগঠনটোৰ বঙাইগাঁওস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি ভংগ লগতে নিৰ্লিপ্তাৰ অভিযোগ তুলি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে। উল্লেখ্য যে, বিগত বৰ্ষৰ ২৪ এপ্ৰিলত গৃহমন্ত্ৰী, অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত অতি কমসময়ৰ ভিতৰতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত কোচ ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া সমস্যা পৃথক কমতাপুৰ পুনৰ গঠন আৰু জনজাতি কাৰণৰ বাবে ৰাজনৈতিক আলোচনা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰিছে বুলিও সংগঠনটোৱে সংবাদ মেলত অভিযোগ উত্থাপন কৰে। আক্ৰাছুৱে ইয়াৰ বিৰুদ্ধে অহা ২৪ মে’ত ২৪ ঘন্টীয়া অসম আৰু কমতাপুৰ বন্ধ, ৪ জুনত প্ৰতিখন জিলা সদৰত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট, ১২ জুনত ১০০ ঘন্টীয়া চকাবন্ধ আৰু ২৬ জুনত ১২ ঘন্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি সংবাদ মেলত প্ৰকাশ কৰে। সংবাদ মেলত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মণ, কেন্দ্ৰীয় উপসভাপতি ক্ষিতীশ বৰ্মন প্ৰমুখ্যে সংগঠনটোৰ কেবাগৰাকী নেতা কৰ্মী উপস্থিত থাকে। আক্ৰাছুৰ আন্দোলনৰ হুংকাৰে অঞ্চলটো পুনৰ উত্তপ্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।