গোৱালপাৰা, ২৭ নৱেম্বৰ, ২০২৪ : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলাত ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে আম আদমি পাৰ্টীয়ে (Aam Admi Party)। আজি গোৱালপাৰা জিলাৰ পূৱ গোৱালপাৰা বিধানসভা সমষ্টিৰ বৰপাহাৰত আপৰ কৰ্মকৰ্তা সকলে ৰূপায়ন কৰে সম্পৰ্ক যাত্ৰা কাৰ্যসূচী।
সম্পৰ্ক যাত্ৰা উপলক্ষে অনুষ্ঠিত মুকলি সভাত দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে ব্যাপক জনমত গঢ়ি তুলিবলৈ আহ্বান জনায়। ৰাজ্যৰ বিভিন্ন জিলাত মাথোঁ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত আদালতৰ নিৰ্দেশকো উলংঘা কৰি চলোৱা উচ্ছেদ অভিযানৰ তীব্ৰ সমালোচনা কৰে আপৰ নেতাগৰাকীয়ে। মনোজ ধানোৱাৰে বুলড’জাৰৰ ৰাজনীতি নিঃশেষ কৰাৰ বাবে দলীয় কৰ্মী সকলক আহ্বান জনায়।
দিল্লীৰ আপৰ চৰকাৰে ৰূপায়ন কৰা আঁচনি সন্দৰ্ভত মনোজ ধানোৱাৰে কয়, “আপৰ চৰকাৰে দিল্লীবাসীক ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান দিছে। সকলোৰে বাবে স্বাস্থ্যৰ অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে মহল্লা ক্লিনিক স্থাপন কৰা হৈছে। উন্নত মানৰ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে চৰকাৰী খণ্ডত বিশ্বমানৰ স্কুল স্থাপন কৰা হৈছে। অসমতো তেনে ব্যৱস্থাৰ প্ৰয়োজন। অসমত আমি সেইবাবেই আপৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছোঁ।”
কাৰ্যসূচীত দলৰ ৰাজ্যিক যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া, সামাজিক মাধ্যমৰ ৰাজ্যিক সমন্বয়ক বাবুল বিকাশ চেতিয়া, মুখপাত্ৰ আশ্ৰাফুল আৰিফ শিকদাৰৰ উপৰি গোৱালপাৰা জিলাৰ নেতৃবৃন্দ উপস্থিত থাকে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে অসমৰ প্ৰতিটো সমষ্টিতে দলৰ কৰ্মকৰ্তা সকলে সাংগঠনিক সভা অনুষ্ঠিত কৰি আম আদমী পাৰ্টিৰ গণভিত্তি শক্তিশালী ৰূপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।