নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ, ২০২৬ : আগন্তুক উৎসৱকালত যাত্ৰীসকলৰ সুবিধা বৃদ্ধি আৰু অতিৰিক্ত যাত্ৰীৰ ভিৰ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) দুযোৰ অতিৰিক্ত বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ সেৱাসমূহৰ ভিতৰত আছে ৰে’ল নং ০৪০০৮/০৪০০৭ (আনন্দ বিহাৰ টাৰ্মিনেল-যোগবনী-আনন্দ বিহাৰ টাৰ্মিনেল) উৎসৱ বিশেষ এক্সপ্ৰেছ আৰু ৰে’ল নং ০৮০৪৭/০৮০৪৮ (সাঁতৰাগাছী জংচন-নাহৰলগুন-সাঁতৰাগাছী জংচন) বিশেষ ৰে’ল।

এই বিশেষ সেৱাসমূহে অতিৰিক্ত ৰে’ল সংযোগ আৰু অতিৰিক্ত যাত্ৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে উৎসৱকালত যাত্ৰীসকলে অধিক সুবিধাজনকভাৱে নিজৰ যাত্ৰা পৰিকল্পনা কৰিব পাৰিব। উক্ত বিশেষ ৰে’লসমূহ বৰ্তমানৰ গঠন, সময়সূচী, ষ্টপেজ আৰু সময়সূচী অনুসৰি পূৰ্বৰ দৰে চলাচল অব্যাহত ৰাখিব। ৰে’ল নং ০৪০০৮ (আনন্দ বিহাৰ টাৰ্মিনেল-যোগবাণী) উৎসৱ বিশেষ এক্সপ্ৰেছ ৰে’লখন ১০ অক্টোবৰ ২০২৬ ৰ পৰা ৭ নৱেম্বৰ ২০২৬ লৈ ৫ টা ট্ৰিপৰ বাবে চলাচল কৰিব। উভতনি দিশত ৰে’ল নং ০৪০০৭ (যোগবাণী-আনন্দ বিহাৰ টাৰ্মিনেল) উৎসৱ বিশেষ এক্সপ্ৰেছ ৰে’লখন ১১ অক্টোবৰ ২০২৬ ৰ পৰা ৮ নৱেম্বৰ ২০২৬ লৈ ৫ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

এই ৰে’লখনে গাজিয়াবাদ, মুৰাদাবাদ, বৰেলী, শাহজাহানপুৰ, গোণ্ডা, গোৰখপুৰ জংচন, ছাপ্ৰা, হাজীপুৰ, বাৰাউনী, বেগুছৰাই, খাগৰিয়া, নবগছিয়া, কাটিহাৰ, পূৰ্ণিয়া জংচন আৰু ফৰবেছগঞ্জকে ধৰি অন্যান্য ষ্টেচনৰ মাজেৰে চলাচল কৰিব। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে’লখনত ২০ টা ডবা থাকিব। ইয়াৰ উপৰি, ৰে’ল নং ০৮০৪৭ (সাঁতৰাগাছী জংচন-নাহৰলগুন) বিশেষ ৰে’লখনৰ সেৱা ১১, ১৮ আৰু ২৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ৩ টা অতিৰিক্ত ট্ৰিপৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৮০৪৮ (নাহৰলগুন-সাঁতৰাগাছী জংচন) বিশেষ ৰে’লখন ১২, ১৯ আৰু ২৬ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ৩টা অতিৰিক্ত ট্ৰিপৰ বাবে চলাচল কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত উপলব্ধ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে এই বিস্তৃত তথ্যসমূহ নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।