গুৱাহাটী, ২৮ জুলাই, ২০২৪ : ৰাজ্যজুৰি আম আদমী পাৰ্টিৰ (Aam Admi Party) সাংগঠনিক পুনৰগঠনৰ বাবে ব্যাপক তৎপৰতা অব্যাহত আছে। দেওবাৰে (২৮ জুলাই) তিনিচুকীয়া জিলাৰ মাকুমত অনুষ্ঠিত দলৰ জিলা পৰ্যায়ৰ কৰ্মকৰ্তা সন্মিলনত দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ বাবে দলৰ কৰ্মী সকলক সাজু হ’বলৈ আহ্বান জনায়।

দলৰ নেতা গৰাকীয়ে ৰাজ্যখনৰ চাহ বাগিছা প্ৰধান অঞ্চলৰ কৰ্মী সকলক লৈ আপৰ চাহ জনজাতি কোষ গঠনৰ সিদ্ধান্তও ঘোষণা কৰে। আপৰ চাহ শক্তিৰ সহযোগত আয়োজিত কৰ্মকৰ্তা সন্মিলনত দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সহযোগী আহ্বায়ক মনোজ ধানোৱাৰ ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত তৃণমূল পৰ্যায়ত আপৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়। দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতিৰ আদৰ্শ গ্ৰহণ কৰিবলৈ দলীয় কৰ্মী সকলক ধানোৱাৰে আহ্বান জনায়।

দলৰ আন এগৰাকী নেতা ৰমেন বৰঠাকুৰে কংগ্ৰেছ, বিজেপিৰ উপৰি একাংশ আঞ্চলিক ৰাজনৈতিক দলকো সমালোচনা কৰে। দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই বুলি উল্লেখ কৰে ৰমেন বৰঠাকুৰে। ইপিনে, ওদালগুৰি জিলাৰ কলাইগাঁৱত অনুষ্ঠিত দলৰ কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, সম্পাদক ভিক্টৰ গগৈ, সঞ্জীৱ বৰ্মন আৰু আমিৰ হুছেইনে।

জিলাখনত দলৰ সদস্য ভৰ্তি অভিযান তৰান্বিত কৰিবলৈ ডাঃ ভবেন চৌধুৰীয়ে কৰ্মকৰ্তা সকলক আহ্বান জনায়। আগন্তুক বি টি আৰৰ নিৰ্বাচনৰ বাবে দলীয় কৰ্মী সকলক এতিয়াৰ পৰাই কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে ডাঃ ভবেন চৌধুৰীয়ে। সভাত আপৰ দৰং জিলা ৱৰ্কিং কমিটীৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাও উপস্থিত থাকে।