গুৱাহাটী, ২৪ এপ্ৰিল, ২০২৪ : অৰুণাচলৰ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰোধিতা আপ, অসমৰ (AAP, Assam)। অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান আপৰ।বাংলাদেশীৰ বোজা অসমবাসীৰ ওপৰত জাপি দিব বিচৰাটো অন্যায় বুলি মন্তব্য ডাঃ ভবেন চৌধুৰীৰ। চৰকাৰক অসম বিৰোধী কু-অভিসন্ধি প্ৰত্যাহাৰ কৰিবলৈ আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ আহ্বান।

ক্ষমতাৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মৰ্মে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত বসবাস কৰা বাংলাদেশী চাকমা আৰু হাজং শৰণাৰ্থী সকলক অসমত সংস্থাপনৰ ব্যৱস্থা কৰিব বিচাৰিছে বুলি আপৰ অভিযোগ। বাংলাদেশৰ পৰা বহুবছৰ পূৰ্বে আহি অৰুণাচলত বসবাস কৰা এই শৰণাৰ্থী সকলক অসমবাসীৰ ওপৰত জাপি দিব বিচৰাটো অন্যায়। চৰকাৰৰ এই সিদ্ধান্ত কোনো পধ্যেই মানি লব পৰা নাযায় বুলি আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মন্তব্য কৰে।

আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে চাকমা আৰু হাজং শৰণাৰ্থী সকলক অসমত সংস্থাপনৰ বিৰুদ্ধে সৰৱ হয়। যোৱা সোমাবাৰে ইটানগৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে অৰুণাচল প্ৰদেশত বসবাস কৰা এই শৰণাৰ্থী সকলক অসমত সংস্থাপনৰ ব্যৱস্থা চূড়ান্ত কৰাৰ বিষয়ে সদৰি কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰা বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে তেওঁলোকক সংস্থাপনৰ দিহা কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলত বিষয়টো সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ ভাষ্য অস্বীকাৰ কৰে। সংবাদমেলত ডাঃ ভবেন চৌধুৰীয়ে কয় “যি সময়ত অসমৰ থলুৱা ভূমিহীন লোককে চৰকাৰে সংস্থাপিত কৰিব পৰা নাই, সেই সময়ত চৰকাৰে যদি সচাঁকৈয়ে গোপনে এনে পৰিকল্পনা হাতত লৈছে সেয়া প্ৰত্যাহাৰ কৰা উচিত। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ ভাষ্য যদি সচাঁকৈয়ে মিছা, তেন্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত চৰকাৰী বিবৃতিৰ জৰিয়তে ৰাজ্যবাসীক অৱগত কৰোৱা উচিত। কিয়নো, গোপনে বাংলাদেশী প্ৰৱ্ৰজনকাৰীৰ বোজা অসমবাসীৰ ওপৰত জাপি দিব বিচৰাৰ পৰিণাম সকলোৱে ভুগিব লাগিব।” সততে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি দম্ভালি মৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ এনে অসম বিৰোধী কু-অভিসন্ধি অবিলম্বে প্ৰত্যাহাৰ কৰিবলৈ আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে চৰকাৰক সকীয়াই দিয়ে।

অৰুণাচলত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ আৰু কেন্দ্ৰটো বিজেপি চৰকাৰ, গতিকে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষ্য ইমান সহজে নস্যাৎ কৰিব নোৱাৰি, যত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰও নামও জৰিত হৈ আছে। সমগ্ৰ অসমৰ ৰাইজে কা’ বিৰোধিতা কৰা সত্বেও বিজেপি চৰকাৰে অসমত কা’ জাপি দিছে। সংবাদমেলত সভাপতি ডাঃ ভবেন চৌধুৰীৰ সৈতে দলৰ মুখপাত্ৰ হেমন্ত ফুকনো উপস্থিত থাকে।