গুৱাহাটী, ২ মে’, ২০২৪ : ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী।ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাৰ বিৰুদ্ধে সৰৱ আপ, অসম মুখপাত্ৰ অনুৰূপা ডেকাৰজা। ক’ভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াই জনসাধাৰণৰ মাজত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে বুলি আপৰ অভিযোগ।

“ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ দেশজুৰি পুনৰ এক ত্ৰাসৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভেকচিন লোৱাৰ ফলত বহুলোকৰ বিসংগতিৰ খবৰ পোৱা গৈছে। এই সকল লোকে ভয়-শংকাৰ কবলত পৰি অন্য ধৰণে মৃত্যু মুখত পৰিব পাৰে। যি সময়ত সাধাৰণ মানুহৰ মাজত এনে ভয়-শংকাই ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰহস্যজনক মৌনতাই আমাক চিন্তিত কৰি তুলিছে।” বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আপ, অসমৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এক সংবাদমেলত ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰৱতাক লৈ এনেদৰে মন্তব্য প্ৰকাশ কৰে।

আপৰ মুখপাত্ৰ গৰাকীয়ে কয়, “ক’ৰণা অতিমাৰীৰ ভয়াবহ সময়ছোৱাত ভেকচিন প্ৰদানক লৈ দেশজুৰি তোলপাৰৰ সৃষ্টি হৈছিল। সম্প্ৰতি আকৌ যেন তেনে ভয়ংকৰ দুৰ্দিন উভতি আহিছে। যি সময়ত সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰী বিয়পি পৰিছিল, তেনে সময়ত প্ৰথমাৱস্থাত ভাৰতৰ প্ৰায় ৮৮ শতাংশ লোকক ভেকচিন প্ৰদান কৰা হৈছিল। ভেকচিন ল’বলৈ শাৰীৰিকভাৱে সক্ষম প্ৰায় ৯৫ শতাংশ লোকক পৰৱৰ্তী সময়ত চৰকাৰে ভেকচিন প্ৰদান কৰিছিল। ভাৰতৰ মুঠ জনসংখ্যাৰ ৭৪ শতাংশই এপালি আৰু ৬৯ শতাংশই দুপালিকৈ ভেকচিন লৈছিল। ভাৰতৰ মুঠ প্ৰতিষেধক লওঁতাৰ প্ৰায় ৯০ শতাংশই এষ্ট্ৰাজেনেকাৰ ক’ভিশ্বিল্ড ভেকচিন লৈছিল।”

সংবাদমেলত আম আদমি পাৰ্টীৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়, “ক’ৰণা কালত চৰকাৰৰ পক্ষৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছিল যে দেশৰ প্ৰতিজন নাগৰিকে ভেকচিন ল’ব লাগিব। ভেকচিন নল’লে বিমান, ৰে’ল বা আন কোনো ধৰণৰ ভ্ৰমণৰ ক্ষেত্ৰত অনুমতি দিয়া নাছিল। বিদেশ ভ্ৰমণ বা আন্তঃৰাজ্যিক, আন্তঃজিলা ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, বিমানবন্দৰত ভেকচিনৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিবলগীয়া হৈছিল, বহুতকে বলপূৰ্বকভাৱে ভেকচিন ল’বলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু আজি ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত যিবোৰ কথা ওলাইছে, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে কোন স্পষ্টীকৰণ দিয়া নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰৱতায়ো আমাক চিন্তিত কৰি তুলিছে।”

সংবাদমেলত আপ অসমৰ আন এগৰাকী মুখপাত্ৰ আলাউদ্দিন আহমেদে কয়, “কভিড’ কালত চৰকাৰে যি ধৰণৰ তৎপৰতাৰে প্ৰতিষেধক চিটা প্ৰদান কৰিছিল সেই একেধৰণৰ তৎপৰতাৰে জনসাধাৰণৰ ভয়-শংকা দূৰ কৰাৰ স্বাৰ্থত স্পষ্টীকৰণ দিয়াৰ দায়িত্বও পালন কৰিব লাগে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰহস্যজনক নিৰৱতা গ্ৰহণযোগ্য নহয়।” উল্লেখ্য যে কভিড’-১৯ ৰ ভেকচিন ক’ভিশ্বিল্ডৰ নিৰ্মাণকাৰী কোম্পানী এষ্ট্ৰাজেনেকাই ইতিমধ্যে ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে।