গুৱাহাটী, ১৪ আগষ্ট, ২০২৪ : “ৰাজ্যখনৰ পৰা অবৈধ বাংলাদেশী নাগৰিকৰ বহিস্কাৰৰ জৰিয়তে এখন বিদেশী মুক্ত অসম গঢ়াৰ স্বাৰ্থত ১৯৮৫ চনৰ ১৪ আগষ্টত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আন্দোলনকাৰী নেতৃবৃন্দৰ মাজত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। অসম চুক্তি (Assam Accord) স্বাক্ষৰ হোৱাৰ আজি ৩৯ বছৰ উকলি গ’ল। এই সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ, বিজেপি, অগপ বা চুক্তি স্বাক্ষৰকাৰী দল-সংগঠনৰ নেতৃত্বও শাসনৰ ক্ষমতাত অধিষ্ঠিত হ’ল। কিন্তু কোনো চৰকাৰেই অসম চুক্তি ৰূপায়ণ নকৰিলে। সংশ্লিষ্ট প্ৰতিটো ৰাজনৈতিক দলেই অসম চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্যবাসীক প্ৰৱঞ্চনা কৰিলে।” আজি অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩৯ বছৰ পূৰ্ণ হোৱাৰ মুহূৰ্তত আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰে।

আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, “অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন তথা পৰামৰ্শাৱলীও চৰকাৰে গ্ৰহণ নকৰিলে। চুক্তি ৰূপায়ণ নকৰি চৰকাৰে অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিস্ককৰণৰ মূল বিষয় নস্যাৎ কৰিছে।” আপৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই প্ৰায় চাৰি দশকতো অসম চুক্তি ৰূপায়ণ নকৰাৰ বাবে কংগ্ৰেছ, বিজেপি, অগপক প্ৰতাৰক আৰু বিশ্বাসঘাতক আখ্যা দিয়ে। তেওঁ কয়, “ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসমৰ অংশৰ ২৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬০ কিলোমিটাৰ আজিও উন্মুক্ত হৈ আছে। চুক্তি অনুসৰি সীমান্ত ছীল নকৰাৰ ফলত উন্মুক্ত সীমান্ত অতিক্ৰম কৰি নতুনকৈ প্ৰব্ৰজন চলি আছে। নিতৌ চোৰাং সামগ্ৰীৰ অবাধ বেহা অব্যাহত থকাৰ খবৰো সৰ্বজনবিদিত। এই ক্ষেত্ৰত বিগত দিনবোৰত ক্ষমতাত অধিষ্ঠিত হোৱা প্ৰতিটো দলৰ চৰকাৰৰে চূড়ান্ত ব্যৰ্থতা পৰিলক্ষিত হৈছে।”

আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু বিদেশী বহিস্ককৰণৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চুক্তি ৰূপায়নৰ ক্ষেত্ৰত ইউ টাৰ্ণ লোৱা বুলি সমালোচনা কৰে। আপৰ নেতাগৰাকীয়ে কয়, “অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ মূল আধাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আজিও উন্নীতকৰণ নহ’ল। তদুপৰি খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ বাবে অসম চুক্তিৰ ৬ নম্বৰ দফা চৰকাৰে কাৰ্যকৰী নকৰিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে গঠন কৰি দিয়া বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ৰিপ’ৰ্টেই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে। কাৰ্যকৰী কৰা দূৰৰে কথা।”

আপৰ নেতা গৰাকীয়ে লগতে কয় যে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিয়ে তিনি মাহৰ ভিতৰত বিপ্লৱ শৰ্মা আয়োগৰ ৰিপ’ৰ্ট পৰীক্ষা কৰি বিতং প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল। কিন্তু আজিও সেয়া কাৰ্যকৰী নহ’ল। আমাৰ প্ৰশ্ন, – অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰত তিনিবাৰ আৰু ৰাজ্যত দুবাৰকৈ ক্ষমতালৈ অহা বিজেপি চৰকাৰে কেতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব? অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে কোন বছৰৰ, কোন মাহৰ কোন তাৰিখে গ্ৰহণ আৰু কাৰ্যকৰী কৰিব? এই সন্দৰ্ভত চৰকাৰক সময় সীমা নিৰ্ধাৰণ কৰি অসমবাসীক আশ্বস্ত কৰিবলৈ আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই আহ্বান জনায়।