গুৱাহাটী, ২ আগষ্ট, ২০২৪ : কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ বিৰোধিতা আপৰ (Aap)। চাহ জনগোষ্ঠীৰ লোকক উচ্ছেদ কৰি বনিয়াক ভূমি হস্তান্তৰ কৰিছে চৰকাৰে বুলি মন্তব্য প্ৰকাশ কৰি চৰকাৰক তীব্ৰ সমালোচনা ডাঃ ভবেন চৌধুৰীৰ। এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত অসমৰ গৌৰৱ তথা বিশ্বৰ ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাজ গ্ৰুপ আৰু হায়াট্ গ্ৰুপৰ সৈতে বুজাবুজি কৰি অসম চৰকাৰে পঞ্চতাৰকা হোটেল স্থাপনৰ তৎপৰতা চলোৱাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টী চমুকৈ আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

কাজিৰঙাৰ চাৰিসীমাৰ ভিতৰত বৃহৎ নিৰ্মাণ কাৰ্যই অভয়াৰণ্যৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদা হেৰুওৱাৰ শংকাও প্ৰকাশ কৰে আপৰ নেতাগৰাকীয়ে। ইতিমধ্যে কাজিৰঙাত হোটেল নিৰ্মাণৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম, এমালগেমেটেড প্লেন্টেচন প্ৰাইভেট লিমিটেড আৰু ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। আম আদমি পাৰ্টীৰ অভিযোগ কাজিৰঙা ভ্ৰমণৰ বাবে অহা দেশী-বিদেশী পৰ্যটকৰ লাহ বিলাসৰ উদ্দেশ্যেই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বহিৰাগত বনিকগোষ্ঠীক অনুমতি প্ৰদান কৰা হৈছে। বিশ্বৰ আপুৰুগীয়া এশিঙীয়া গঁড়ৰ উপৰি বাঘ, হাতী, হৰিণাকে আদি কৰি বিভিন্ন বন্যপ্ৰাণীৰে ভৰপূৰ তথা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতি-কাষৰীয়া এলেকাৰ পৰা ইতিমধ্যেই চাহ জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যো-জা কৰা হৈছে।

পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ কাজিৰঙাৰ হাতীখুলি চাহ বাগিছা অঞ্চলত যুগ যুগ ধৰি বসবাস কৰা ভূমিপুত্ৰ আদিবাসী সকলক উচ্ছেদ কৰা হৈছে। অসম চৰকাৰে অগণতান্ত্ৰিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ইনলে পথাৰত জনগোষ্ঠীটোৰ দখলত থকা ৬০ বিঘা মাটিত বলপূৰ্বক উচ্ছেদ চলাই পুঁজিপতিক গতাই দিব বিচাৰিছে। ৰাজ্যৰ ভূমিপুত্ৰ তথা চাহ জনগোষ্ঠীৰ লোক সকলক নিজৰ ঘৰ- মাটিৰ পৰা উচ্ছেদ কৰি সেই স্থানত বিলাসী হোটেল নিৰ্মাণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আপে দাবী জনায়। আনহাতে হাতীখুলি চাহ বাগিছাৰ এই সমগ্ৰ এলেকাটো বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা সত্বেও অঞ্চলটোৰ স্থানীয় বিধায়ক, অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৰহস্যজনক নিৰৱতাক লৈও আপৰ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

তদুপৰি কাজিৰঙাত প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণে কাজিৰঙাৰ জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিব বুলিও আশংকা ব্যক্ত কৰে আপৰ নেতাগৰাকীয়ে। বন্যপ্ৰাণী থকা অভয়াৰণ্যৰ দাতিকাষৰীয়া এলেকা তথা বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা স্থানত এনে বৃহৎ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।