গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ডিচেম্বৰ : সংবাদ মেলত আছুৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । সংবাদমেলত কেন্দ্ৰীয় চৰকাৰক অতি সোনকালে কা বাতিল কৰিবলৈ দাবী আছুৰ ।
৩১ ডিচেম্বৰৰ পৰা ১৪ জানুৱাৰীলৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা আছুৰ।
কাৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে, অসম চৰকাৰে মানি লৈছে এই আইনখনে অসমীয়া ভাষাৰ লগতে জনজাতীয় লোকসকলৰ ভাষাৰ ওপৰত ভয়াবহ প্ৰভাৱ পেলাব ।
ইয়াৰোপৰি খেল’ ইণ্ডিয়াত প্ৰধানমন্ত্ৰী অসমলৈ আহিলে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি দাবী জনায় আছুৱে।
কেন্দ্ৰীয় মোদী নেতৃত্বাধীন চৰকাৰখনে অসমৰ প্ৰতি বিপদ ঘণ্টা বজাইছে । অসমৰ জনসাধাৰণ কোনোকাৰণতে বহি নাথাকে – সংবাদমেলত এই মন্তব্য সমুজ্জল ভট্টাচাৰ্যৰ ।
ইনাৰ লাইন পাৰ্মিতৰ সন্দৰ্ভতো সংবাদমেলত আছুৱে কয় যে, কিছু সংখ্যক জিলাত ইনাৰ লাইন পাৰ্মিতৰ ব্যৱস্থা আছিল কিন্তু ইয়াক কাৰ্যকৰী কৰা নহল। গোটেই অসম খনক লৈ ইনাৰ লাইন ব্যৱস্থা কৰক। এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী।
অসমৰ প্রতি এইয়া চূড়ান্ত অন্যায় অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ। থকা বস্তু লৈ গুচি গল। ইয়াতকৈ অন্যায় হব নোৱাৰে। তেওঁলোকৰ কথাবোৰ ফাঁকি।
অসমৰ চৰকাৰক অজ্ঞাবাহি চৰকাৰ বুলিও মন্তব্য আছুৰ।দিল্লীয়ে যি কয় তাকেই মানি লয়। ভয়াতু চৰকাৰ।