বৰপেটা, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ : প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বৰপেটা জিলাৰ দক্ষিণ পূব প্ৰান্তত অৱস্থিত চেনিমাৰী অঞ্চলৰ চেনিমাৰী মহোৎসৱৰ তৃতীয় পৰ্বৰ সফল সামৰণি পৰে।

২৩ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল উক্ত মহোৎসৱ। মহোৎসৱৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল ক্ৰীড়া প্ৰতিযোগিতা, শৈক্ষিক প্ৰতিযোগিতা, আলোচনা চক্ৰ, গ্ৰন্থ আৰু বাণিজ্য মেলা, স্মৃতি গ্ৰন্থ উন্মোচন, সাংস্কৃতিক সন্ধিয়া আদি।

অসম ভিত্তিক মাৰাথান, প্ৰাইজমানী ভলীবল আদি ক্ৰীড়া প্ৰতিযোগিতা, কুইজ, ভেকচন, নাটক, গীত-মাত আদিৰ লগতে নষ্টালজিক অনুষ্ঠান, প্ৰদৰ্শনী আদিৰো আয়োজন কৰা হয়।

উক্ত মহোৎসৱত যুৱ লেখক আশ্ৰাফুল হুছেইনৰ সঞ্চালনাত”বৃহত্তৰ অসমীয়া জাতি গঠনত সংখ্যালঘু মুছলমানৰ ভূমিকা” শীৰ্ষক এক আলোচনা অনুষ্ঠিত হয় য’ত ভাগ লয় জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট সাংবাদিক জমশ্বেৰ আলি, গৱেষক ছাত্ৰী ৰেহনা চুলতানা।

চেনিমাৰী মহোৎসৱৰ শেষৰ দিনৰ কাৰ্যসূচীত মহোৎসৱৰ স্মৃতিগ্ৰন্থ “চেনিমাৰীৰ সৌৰভ” উন্মোচন কৰা হয়।

চেনিমাৰী মহোৎসৱৰ যোগেদি ইলিম উদ্দিন সাহিত্য বঁটা আৰু পঞ্চৰত্ন বঁটা ইছমাইল হুছেইন (জ্যেষ্ঠ) লৈ মৰণোত্তৰভাৱে প্ৰদান কৰা হয়। চেনিমাৰী গাঁৱৰ সৰ্বশ্ৰেষ্ঠ সন্মান “চেনিমাৰী ৰত্ন” বঁটা প্ৰদান কৰা হয় চেনিমাৰী সমাজ সংগঠনৰ ক্ষেত্ৰত নিস্বাৰ্থ বৰঙণি যোগোৱা প্ৰয়াত শাবাশ খান আৰু ডাঃআব্দুল ৰছিদক ।

“চেনিমাৰী জ্ঞানৰত্ন” সন্মান আগবঢ়োৱা হয় শিক্ষা তথা জ্ঞানৰ পোহৰ বিলোৱাই চেনিমাৰী অঞ্চলৰ বিকাশৰ ক্ষেত্ৰত বৰঙণি যোগোৱা বাবে অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ আনোৱাৰ কাজীক।

ইফালে শ্বহীদ মান্নাফ আলীলৈ মৰণোত্তৰ ভাৱে “চেনিমাৰী ক্ৰীড়াৰত্ন” বঁটা প্ৰদান কৰাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ ভিতৰত চেনিমাৰীৰ নাম উজলুৱা ভলীবল খেলুৱৈ শ্বহিদুল ইছলামকো প্ৰদান কৰা হয় “চেনিমাৰী ক্ৰীড়াৰত্ন” বঁটা ।

“চেনিমাৰী যুৱৰত্ন” সন্মানেৰে বিভূষিত কৰা হয় ক্ৰমে আশান আলী আৰু মহঃ আবু শ্বামা আলমক ।