বৰপেটা, সংবাদ ৩৬৫, ৯ জুন : ‘চলোঁ পালটাই’ এটা গেৰুৱা শ্লোগান, এইটো বিজেপি দলৰ হে শ্লোগান বুলি অভিযোগ বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ।

সংবাদ মাধ্যমৰ আগত খালেকে কয় যে যি সকলে বিজেপি দলৰ লগত থাকে তেওঁলোকে চলোঁ পালটাই কোৱাটো মোৰ কোনো আপত্তি নাই। কিন্তু যি সকল বিজেপি বিৰোধী তেওঁলোকে এই বিভ্ৰান্তিৰ পিছত দৌৰিব নালাগে বুলি পৰামৰ্শ সাংসদ গৰাকীৰ। কাৰণ চলোঁ পালটাই শ্লোগানে সামাজিক অশান্তিৰ সৃষ্টি কৰিব। যাৰ বাবে মই চলোঁ পালটাইৰ বিৰোধিতা কৰো।

দেওবাৰে সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে আব্দুল খালেকে। আনহাতে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন সম্পৰ্কে কি চিন্তা চৰ্চা কৰা হৈছে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত, কংগ্ৰেছ দলে নিৰ্ধাৰণ কৰিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।