ছয়গাঁও, সংবাদ ৩৬৫, ৯ জুন : অসমবাসীক লজ্জ্বানত কৰা দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী আচলপাৰাত নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতন চলাই উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেচা প্ৰদান কৰা দুই অভিযুক্ত চাহৰুখ খান আৰু চুভাহান খান ছয়গাঁও আৰক্ষীৰ জালত ।

উল্লেখযোগ্য যে ঈদ উপলক্ষে টিকট চ’ পাতিছিল আচলপাৰা সোমবৰীয়া বজাৰত । নিশা নৃত্যানুস্থান আৰম্ভ হোৱাৰ পিছতে নগ্ন নৃত্য কৰিবলৈ নৃত্য শিল্পীৰ দলটোক হেচা প্ৰদান টিকট কাটি ভিতৰত সোমোৱা একাংশ দৰ্শকে । বকোৰ ৰে’ইনব’, আৰু শাখাতিৰ এম. কে. ডেঞ্চ গ্ৰুপক নিমন্ত্ৰণ জনাইছিল আচলপাৰা সোমবৰীয়া বজাৰ একাংশ আয়োজনক সমিতিয়ে।

যুৱতী নৃত্য শিল্পীৰ ওপৰতো নিৰ্যাতন কৰে দৰ্শকে। কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই । নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মৃত্যুৰ ভাবুকিও দিছিল। ৭/৮ শ দৰ্শকৰ অধিকাংশই উচ্ছৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি এক ভয়ংকৰ ৰূপৰ সৃষ্টি কৰিছিল । টিঙৰ বেৰ কাটি দৌৰি দৌৰি ঘটনাস্থলীৰ পৰা পলায়ন নৃত্য শিল্পীৰ দলটোৱে পলায়ন কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ।

ইফালে নৃত্য শিল্পীৰ দল দুটাক চুক্তিৰ মাননী পৰ্যন্ত আদায় দিয়া নাই আয়োজক সমিতিয়ে। আয়োজক সমিতিয়ে কোচবিহাৰৰ পৰা নৃত্য দলটি অনা বুলি টিকট বিক্ৰী কৰিছিল ১০০ পৰা ৫০ টকালৈকে । সম্প্ৰতি এই দুই অভিযুক্তক ছয়গাঁও আৰক্ষীয়ে জেৰা চলাই আছে ।