জনীয়া, সংবাদ ৩৬৬, ২৮ জুলাই : নিশা কলগাছিয়াৰ বৰডাঙ্গা, গুইলেজা, বলাইপথাৰ আৰু খাৰবাল্লী বান শিবিৰ পৰিদৰ্শন বৰপেটাৰ সাংসদ আব্দুল খালেকৰ । বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী আব্দুল খালেকৰ।

বৰপেটা জিলাৰ বান পৰিস্থিতি এতিয়াও বিপদজনক বুলি মন্তব্য বৰপেটাৰ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ। সংসদৰ অধিৱেশন চলি থকাৰ মাজতে কালি দিল্লীৰ পৰা আহি বৰপেটা জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি এই মন্তব্য কৰে সাংসদ আব্দুল খালেকে।

খালেকে আৰু কয় যে , বৰপেটা জিলা প্ৰশাসনে চেষ্টা কৰিছে, কিন্তু ৰাজ্য চৰকাৰে বান সাহায্য নিদিয়াত বহু কাম কৰিব পৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে, এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছিল অসমক সহায় কৰা । কিন্তু সহায় দূৰৰে কথা, বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী অসমলৈ নহাটো দুৰ্ভাগ্যজনক বুলি তেওঁ উল্লেখ কৰে। লগতে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায়।