অভয়াপুৰীৰ পৰা কিশোৰ কুমাৰ দাস, ২৭ ছেপ্টেম্বৰঃ শেৱালি আৰু কহুৱাৰ শুভ্ৰ আঁচলত ধৰি ধৰাৰ বুকুলৈ আগমন ঘটিছে শৰতৰ । শৰতৰ আগমণ মানেই পূজা আৰু উৎসৱৰ বতৰ। সমগ্র ৰাজ্যতে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উৎসৱ৷ বঙাইগাঁৱৰ অভয়াপুৰীতো দুৰ্গোৎসৱৰ আয়োজক সমিতিসমূহে বিভিন্ন আলোকসজ্জা আৰু আটকধুনীয়া মণ্ডপৰ নিৰ্মাণেৰে মা দুৰ্গাক আদৰাৰ সমান্তৰালভাবে মৃৎ ভাস্কৰ্য্য শিল্পীসকলো প্ৰতিমা নিৰ্মাণ কাম ব্যস্ত৷ অভয়াপুৰীৰ শিৱপুৰৰ মৃৎ শিল্পীসকলে পূজাস্থলীত বহা অস্থায়ী বজাৰসমূহলৈ ক্ৰেতাক আকৰ্ষিত কৰিবলৈ এতিয়াও দিনে-নিশাই ব্যস্ত হৈ পৰিছে হিন্দু ধৰ্মীয় বিভিন্ন দেৱ দেৱীৰ মৃন্ময় মূৰ্ত্তিৰ লগতে মাটিৰ আকৰ্ষণীয় সামগ্ৰী প্ৰস্তুত কৰাত। বিভিন্ন প্ৰতিকূলতাক নেওচি প্ৰচাৰ বিমুখ এই শিল্পীসকলে বছৰটোত গ্ৰাহকৰ উপযোগী হোৱাকৈ বিভিন্ন দেৱ দেৱীৰ মূৰ্ত্তি নিৰ্মাণ কৰি পৰিয়ালটো কোনোমতে পোহপাল দিয়াৰ লগতে মৃৎ শিল্পটোক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে৷