দক্ষিণ কামৰূপ, ২৭ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাঙ্গাপানীৰ পৰা মালীবাৰী বজাৰ হৈ মালীবাৰী সত্ৰ সংযোগী পথৰ শোচনীয় অৱস্থাই সৰ্বসাধাৰণক জুৰুলা কৰিছে৷ বানপীড়িত বৃহত্তৰ মালীবাৰীৰ যাতায়তৰ বাবে একমাত্ৰ নিৰ্ভৰযোগ্য পথটোৰ উচ্চতা কম হোৱাৰ বাবে বানপানীৰ সময়ত পথটোৰ ওপৰেদি পানী বৈ যোৱাত ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে৷ উপায়ন্ত হৈ স্থানীয় লোকে টুলুঙা নাঁৱৰ জৰিয়তে যাতায়ত অব্যাহত ৰাখিছে৷ বাৰিষাৰ লগতে চ’ত মাহতো মালৈবাৰীৰ লোকে টুলুঙা নাঁৱেৰে যাতায়ত কৰিবলগীয়া হয়৷ পথটোৰ দ খাৱৈ থকা কোনো কোনো স্থানত স্থানীয় লোকে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাণকো নিৰ্মান কৰি কোনোমতে যাতায়ত সুচল কৰি লৈছে যদিও অ়ঞ্চলটোত সোমাব নোৱাৰে স্বাস্থ্য বিভাগৰ ১০৮ বা আদৰণি সেৱাৰ গাড়ী৷ ঠাই বিশেষে পথটোত থকা দ খাৱৈ পাৰ হওঁতে পথচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে গাঁঠিৰ ধন খৰচ কৰিবলগীয়া হয়৷ পথটোৰ মাজত থকা কিছুমান ঠাইত কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীয়ে জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে দৈনিক বিপদ সংকুলভাবে যাতায়ত কৰিবলগীয়া হয়৷ ৰাঙ্গাপানীৰ পৰা মালীবাৰী বজাৰলৈ যোৱা পথটো দীৰ্ঘদিন ধৰি বিদ্ধস্ত অৱস্থাত থকাত ৰাঙ্গাপানী, মোল্লাৰপাম, ছমৰীয়াপাম, নিম্বুৰটাৰী, টাঙনমাৰী, জাওঁকাটাদিয়া, ধামাপাৰা, ডেকাচাং, দুৰামাৰী, মালীবাৰী সত্ৰ, মালীবাৰী পথাৰকে ধৰি প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ লোকে যাতায়ত ক্ষেত্ৰত যমৰ যাতনা ভূগিবলগীয়া হৈছে৷ অত্যন্ত ব্যস্ত পথটোৰ এনে দুৰৱস্থাৰ কাৰণে স্বাস্থ্য বিভাগৰ ১০৮, আদৰণি গাড়ী প্ৰবেশ কৰিব নোৱাৰাত গৰ্ভৱতী মহিলা, সংকটজনক বা দুৰ্ঘটনাগ্ৰস্থ ৰোগীসকল উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ যাৰ ফলত অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে কেবাজনো লোকে৷ নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ সমষ্টিটোলৈ ভোট বিচাৰি ব্যাপক সমাগম হয় যদিও নিৰ্বাচন পাৰ হোৱাৰ পিছত কোনো এজন নেতাই অঞ্চলটোলৈ ভুমুকি মাৰিবলৈ সময় নাপায় বুলি ভূক্তভোগী ৰাইজে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷ পথটো নিৰ্মাণৰ বাবে ভুক্তভোগী ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ কৰিছে অঞ্চলবাসীয়ে৷