নগাঁও, ৪ জুলাই, ২০২৬ : নগাঁৱৰ গ্ৰামঞ্চলত আফ্ৰিকান ছোৱাইন ফিভাৰৰ (African Swine Fever) প্ৰাদুৰ্ভাৱ। আফ্ৰিকান ছোৱাইন ফিভাৰত আক্রান্তণ ৫৫ টা গাহৰি চিনাক্তকৰণ। আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ঘটা গাঁওখনৰ পৰা ১০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলত জীৱন্ত গাহৰি, গাহৰিৰ মাংস আৰু গাহৰিৰ মাংসজাত সামগ্ৰী পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ১ কিলোমিটাৰ সংক্ৰমিত অঞ্চলৰ ভিতৰত গাহৰিৰ মাংস আৰু গাহৰিৰ মাংসজাত সামগ্ৰীৰ বিক্ৰীতো সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত হালোৱাগাঁৱত গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। গাঁওখনত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ পিছতে নগাঁও জিলা প্ৰশাসনে বি এন এছ ১৬৩ ধাৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জৰুৰীকালীন সকলো পদক্ষেপ গ্ৰহণ কৰিছে। পশু চিকিৎসা বিভাগৰ দলে অঞ্চলটোত আফ্ৰিকান ছোৱাইন ফিভাৰৰ উপস্থিতি নিশ্চিত কৰাৰ পিছতে জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।
হালোৱাগাঁৱৰ অৰ্বিন্দ শইকীয়া নামৰ এজন ব্যক্তিৰ ফাৰ্মত প্ৰায় ৫৫ টা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পেলাইছিল পশু চিকিৎসা বিভাগৰ দলে। ইতিমধ্যে আক্রান্ত গাহৰি কেইটা নিধনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শনিবাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু জিলা প্ৰশাসনে হালোৱাগাঁৱৰৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধক আক্ৰান্ত অঞ্চল হিচাপে নিৰ্ধাৰণ কৰিছে আৰু ১০ কিলোমিটাৰ ব্যাসাৰ্ধক চোৱাচিতা অঞ্চল হিচাপে অধিসূচনা কৰা হৈছে। এই ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ চোৱাচিতা মণ্ডলৰ ভিতৰত জীৱন্ত গাহৰি, গাহৰিৰ মাংস আৰু গাহৰিৰ মাংসজাত সামগ্ৰী পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
১ কিলোমিটাৰ সংক্ৰমিত অঞ্চলৰ ভিতৰত গাহৰিৰ মাংস আৰু গাহৰিৰ মাংসজাত সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে। তদুপৰি এই ৰোগৰ অধিক সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে চোৱাচিতা খণ্ডৰ ভিতৰত গাহৰি বধ, ক্ৰয় আৰু বিক্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে গাহৰি পালকসকলক যিকোনো গাহৰিৰ মৃত্যুৰ বিষয়ে তৎক্ষণাত পশু চিকিৎসা বিভাগক জনোৱাৰ লগতে জৈৱ সুৰক্ষাৰ প্ৰট’কল মানি মৃতদেহ সঠিকভাৱে নিষ্কাশন কৰাটো নিশ্চিত কৰা, আৰু পামত কঠোৰ জৈৱ সুৰক্ষা ব্যৱস্থা বজাই ৰখাৰ নিৰ্দেশ দিয়া হৈছে। গাহৰিৰ খাদ্য পৰিবহণৰ বাবেও পশু চিকিৎসা বিভাগৰ পূৰ্ব অনুমতিৰ প্ৰয়োজন হ’ব।
এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলবৎ হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব। জিলা প্ৰশাসনে সকীয়াই দিছে যে নিষেধাজ্ঞা আদেশ যিকোনো উলংঘা কৰিলে বি এন এছৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ৰাজ্যৰ গাহৰি মাংস উদ্যোগৰ বাবে এক ভয়ংকৰ সংকট হিচাপে দেখা দিছে আফ্ৰিকান ছোৱাইন ফিভাৰ। এই ৰোগে ৰাজ্যৰ গাহৰি পালক সকলৰ জীৱিকাৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে।
