গুৱাহাটী, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : কংগ্ৰেছৰ এন এছ ইউ আই, বিজেপিৰ এ বি ভি পিৰ পাছত এইবাৰ অসম গণ পৰিষদে খুলিলে ছাত্র সংগঠন । বৃহস্পতিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রৰ বাকৰিত জন্ম হ’ল সংগঠনটোৰ । নাম অসম ছাত্ৰ সংগঠন।
এই অনুষ্ঠানটিত অগপৰ সভাপতি অতুল বৰাই তেখেতৰ নিজৰ ভাষণত কয় ” আজি আমাৰ বাবে এটা শুভ এটা দিন ঐতিহাসিক দিন । নৱজাগৰণৰ বাবে ছাত্ৰ । এই লক্ষ্যলৈয়ে জন্ম দিয়া হৈছে অসম ছাত্ৰ পৰিষদ । বৰ্তমানৰ যুৱ প্রজন্মৰ যি ধ্যান ধাৰণা সেই ধ্যান ধাৰণাৰে আমি আগুৱাই যাব বিচাৰো ।যাব লাগিব। অগপত নতুন প্ৰজন্মক ঠাই নিদিয়া বুলি কোৱা অভিযোগ আজিৰ পৰা আৰু নাথাকে। আমি নতুন প্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যৰে জন্ম দিছো এই ছাত্ৰ সংগঠটো । নামটো অসম ছাত্ৰ পৰিষদ হলেও ছাত্ৰীসকলেও সমানে অগ্ৰাধিকাৰ পাব ” ।
উল্লেখযোগ্য যে ছাত্ৰ সংগঠনটোৰ শিক্ষাৰ্থীক শপত বাক্য পঢ়ুৱাই অগপৰ সভাপতি অতুল বৰাই।
সংগঠনটোৰ সভাপতি ত্ৰিনয়ন বৰুৱাই কয় “অসম গন পৰিষদৰ যি প্ৰতীক ,সেই প্ৰতীকেই হ’ব অসম ছাত্ৰ পৰিষদৰ,পতাকাও অগপৰ যিখন সেইখনেই হ’ব ছাত্ৰ পৰিষদৰ পতাকা।”
অসম ছাত্ৰ পৰিষদ নাম হ’লেও বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সংগঠনটোৰ সদস্য পদ গ্ৰহণ কৰিব পাৰিব ।
ইয়াৰোপৰি পতাকা আৰু প্ৰতীক চিহ্নও অসম ছাত্ৰ পৰিষদৰে হ’ব।