নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : অসম চুক্তি অনুসৰি স্থাপন হোৱা নুমলীগড় তেল শোধনাগাৰ চমুকৈ এন আৰ এল বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে । তাৰ পাছৰে পৰা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদেৰে উত্তপ্ত হৈ আছিল অসমৰ পৰিস্থিতি।

অসমত এনে পৰিস্থিতি দেখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি শোধনাগাৰটো ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতা কৰে।

ইয়াৰ পাছতে জানিব পৰা অনুসৰি কেন্দ্ৰীয় কেবিনেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এন আৰ এলটো নুমলীগড় তেল শোধনাগাৰ বিক্ৰী নকৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে বি পি চি এল , নীপকো, বিক্ৰী হ’ব ।

উল্লেখ কৰিব পাৰি যে এন আৰ এলত বি পি চি এল অৰ্থাৎ ভাৰত পেট্রলিয়াম কর্প’ৰেশ্যন লিমিটেডক অংশ আছে ৬১.৬৫ শতাংশ । ২৬ শতাংশ অইলৰ অংশ থকাৰ বিপৰীতে অসম চৰকাৰৰ অংশ ১২.৩৫ শতাংশ আছে।

নুমলীগড় তেল শোধনাগাৰ অসম আন্দোলনৰ পাছত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি চতুৰ্থটো ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ এক শোধনাগাৰ। ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত ভাৰতীয় প্ৰযুক্তিৰ আধাৰত এই শোধনাগাৰটো মুকলি কৰা হৈছিল ।