গুৱাহাটী, ১২ জুন, ২০২৪ : অহা ২২ জুনৰ পৰা মহানগৰীৰ শক্তিপীঠ মা কামাখ্যা (Kamakhya) ধামত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা উপলক্ষে বুধবাৰে (১২ জুন) কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াৰ সভপতিত্বত অম্বুবাচী মেলাৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে এখন বৈঠক অনুষ্ঠিত হয়। অম্বুবাচী মেলাত সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে নিজৰ ইচ্ছা অনুসৰি যিকোনো স্থানত খাদ্য অথবা খোৱা-পানী যোগান ধৰিব নোৱাৰিব বুলি বৈঠকত স্পষ্ট কৰি দিয়া হয়।

জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষেহে নিৰ্দিষ্ট স্থানত সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে তেনে ব্যৱস্থা কৰিব পাৰিব বুলি অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰে। তদুপৰি নিৰ্ধাৰিত প্ৰত্যেক স্থানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকিব। অম্বুবাচীৰ সময়ত একাংশ ভক্তই মহানগৰীৰ বশিষ্ঠ মন্দিৰত আশ্ৰয় লোৱাৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ পৰা বশিষ্ঠ মন্দিৰ কৰ্তৃপক্ষয়ো সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক বিনামূলীয়া খাদ্য আৰু খোৱা পানীৰ যোগানৰ বাবে অনুৰোধ জনোৱাৰ কথা অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সদৰি কৰে।

উল্লেখযোগ্য যে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুত শক্তিপীঠ মা কামাখ্যা মন্দিৰত অনুষ্ঠিত অম্বুবাচী মেলালৈ আগমন ঘটা অগণন ভক্তক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিনামূলীয়াকৈ খাদ্য আৰু খোৱা পানীৰ যোগান ধৰাৰ এক পৰম্পৰা অব্যাহত আছে। ইপিনে, আগন্তুক অম্বুবাচী মেলাত খোজকাঢ়ি যোৱা ভক্তক ডিছপ’জেবল চেন্দেল যোগান ধৰিব বিচৰা ইচ্ছুক অনুষ্ঠান বা ব্যক্তিবিশেষক জিলা প্ৰশাসনে আদৰণী জনাব বুলি আজিৰ বৈঠকতে অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই জানিবলৈ দিয়ে।