নিউজ ডেস্ক , ২৫ ফেব্ৰুৱাৰী, ২০২৪ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ফেব্ৰুৱাৰীত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ২৩ টা ৰে’ল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰিব। ভাৰতীয় ৰে’লৱেৰ ষ্টেচন উন্নয়নৰ বাবে ‘অমৃত ভাৰত ষ্টেচন’ আঁচনিৰ অধীনত এই ষ্টেচনসমূহ পুনৰ্বিকাশ কৰা হ’ব। এই ২৩ টা ষ্টেচনৰ ভিতৰত ত্ৰিপুৰাৰ আগৰতলা ষ্টেচন, মিজোৰামৰ ছাইৰাং ষ্টেচন আৰু ছিকিমৰ ৰংপো ষ্টেচনৰ আধাৰশিলা স্থাপন কৰিব মাননীয় প্ৰধানমন্ত্ৰীয়ে। 

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ত্ৰিপুৰাৰ আগৰতলা ৰে’ল ষ্টেচনে আনুমানিক ৪৮ কোটি টকা ব্যয় সাপেক্ষে এক গুৰুত্বপূৰ্ণ নৱৰূপ লাভ কৰিব। একেদৰে, মিজোৰামৰ ছাইৰাং ষ্টেচন আৰু ছিকিমৰ ৰংপো ষ্টেচন ক্ৰমান্বয়ে ৪০ কোটি টকা আৰু ৩৩৫ কোটি টকা ব্যয় সাপেক্ষে পুনৰ বিকশিত কৰা হ’ব। সংশ্লিষ্ট ৰাজ্যসমূহৰ স্থানীয় স্থাপত্য আৰু আধুনিক যাত্ৰী সা-সুবিধাৰ সংযোজনৰ সৈতে এই ষ্টেচনসমূহৰ পুনৰ্বিকাশ কৰা হ’ব। এই ষ্টেচনসমূহৰ উন্নীতকৰণৰ ফলত নতুন নিযুক্তি, ব্যৱসায়ৰ সুযোগ সৃষ্টি হ’ব আৰু সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ যাত্ৰীসকলৰ বাবে ভ্ৰমণ সহজ হৈ উঠিব।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনত, এই ৩ টা ষ্টেচনৰ বাহিৰে, অসমৰ ১১ টা ষ্টেচন যেনে হয়বৰগাঁও, গহপুৰ, হাৰমতী, মাজবাট, পাঠশালা, টংলা, ওদালগুড়ী, বিশ্বনাথ চাৰিআলি, মুৰ্কংচেলেক, উত্তৰ লখিমপুৰ আৰু চিলাপথাৰ, বিহাৰৰ ৩ টা ষ্টেচন যেনে আৰাৰিয়া কোৰ্ট, লাভা, শালমাৰি আৰু পশ্চিম বংগৰ ৬ টা ষ্টেচন যেনে বালুৰঘাট, ভালুকা ৰোড, হৰিশ্চন্দ্ৰপুৰ, কুমেদপুৰ, মালদা কোৰ্ট ষ্টেচনো আধাৰশিলা স্থাপনৰ বাবে বাছনি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনত ৬ খন ৰোড আণ্ডাৰ ব্ৰীজ আৰু ২ খন ৰোড অভাৰ ব্ৰীজৰ আধাৰশিলা স্থাপন কৰিব।

এই ষ্টেচনসমূহৰ আধুনিকীকৰণে ষ্টেচনৰ উন্নত প্ৰৱেশ পথ, দিব্যাংগজনৰ বাবে সুবিধা, চাৰ্কুলেটিং এৰিয়া, অপেক্ষা গৃহ, শৌচালয়, প্ৰয়োজন অনুসৰি লিফ্ট/এস্কালেটৰ, সঠিকভাৱে ডিজাইন কৰা ছাইনেজ, সমৰ্পিত পদ পথ, ‘ৱান ষ্টেচন ৱান প্ৰডাক্ট’ৰ দৰে আঁচনিৰ জৰিয়তে স্থানীয় উৎপাদিত সামগ্ৰীৰ বাবে কিয়স্ক,  উন্নত যাত্ৰী তথ্য প্ৰণালী, এগজিকিউটিভ লাউঞ্জ, ব্যৱসায়িক বৈঠকৰ বাবে মনোনীত স্থান, প্ৰত্যেকটা ষ্টেচনত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি লেণ্ডস্কেপিং আৰু অন্যান্য সা-সুবিধাসমূহ সহজ কৰি তুলিব।