গুৱাহাটী, ১ মাৰ্চ, ২০১৪ : মিছন বসুন্ধৰা ২.০ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি সৰৱ হ’ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ (Aam Admi Party) প্ৰাৰ্থী মনোজ ধানোৱাৰ। বসুন্ধৰা ২.০ ৰ অধীনত প্ৰকৃত ভূমিহীন লোকসকল উপকৃত হোৱা নাই বুলি মনোজ ধানোৱাৰৰ অভিযোগ। চাহ জনগোষ্ঠী, আদিবাসীসকলৰ উপৰিও মৰাণ-মটক জনগোষ্ঠীৰ লোক বঞ্চিত হোৱা বুলি মন্তব্য মনোজ ধানোৱাৰ।
চৰকাৰে যদিও থলুৱা ভূমিহীন লোকক ভূমি আৱণ্টন দিয়াৰ কথা কৈছে, প্ৰকৃততে শাসকীয় বিজেপিৰ সৈতে ঘনিষ্ঠসকলকহে ভূমি আৱণ্টন দিয়া হৈছে। সৰ্বসাধাৰণ ৰাইজক বঞ্চিত কৰা হৈছে ভূমিৰ অধিকাৰৰ পৰা বুলি আপ নেতা মনোজ ধানোৱাৰে অভিযোগ কৰে। আপ নেতাগৰাকীয়ে অভিযোগ কৰে যে ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত কৰদৈগুৰি গাঁও পঞ্চায়তৰ ২৪ টা মৰাণ জনগোষ্ঠীৰ পৰিয়াল দীৰ্ঘদিনধৰি খহনীয়া বিধ্বস্ত হৈ বিদ্যালয় গৃহত আশ্ৰয় লৈ থকাৰ সত্বেও তেওঁলোকক ভূমি আৱণ্টন দিয়া হোৱা নাই। মনোজ ধানোৱাৰৰ প্ৰশ্ন খহনীয়া বিধ্বস্ত এই পৰিয়ালকেইটা ভূমিপুত্ৰ নহয়নে?
নাহৰচুক গাঁৱত মটক জনগোষ্ঠীৰ ৩০ টাকৈ পৰিয়ালে বসুন্ধৰা ২.০ আঁচনিৰ অধীনত আৱণ্টন লাভৰ আৱেদন কৰিছিল, তেওঁলোককো বঞ্চিত কৰা হৈছে। মাথো ৮ টা পৰিয়ালক আৱণ্টন দিয়া বুলি দেখুৱাইছে। কিন্তু সেই ৮ টা পৰিয়ালক পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই ভূমিৰ আৱণ্টন দিয়া হৈছিল।.বিহাটিং চাহ বাগিছাত ভূমিহীন স্থায়ী শ্ৰমিকৰ সংখ্যা ৩৫০ গৰাকী, বৰবৰুৱা চাহ বাগিছাত ভূমিহীন স্থায়ী শ্ৰমিকৰ সংখ্যা ৬০৩ গৰাকী। এইসকল শ্ৰমিকক ভূমিৰ আৱণ্টনৰপৰা বঞ্চিত কৰা হৈছে। তেওঁলোকে আৱেদন কৰা স্বত্বেও বসুন্ধৰা ২.০ আঁচনিৰ অধীনত চৰকাৰে ভূমি আৱণ্টন দিয়া নাই।
এনেদৰে আপ নেতাগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিয়ে খিলঞ্জীয়া জনগোষ্ঠীক উপকৃত কৰা নাই। আনহাতে সমাগত লোকসভা নিৰ্বাচনত উন্নয়নৰ শ্ল’গানকেই মূল শ্লোগান হিচাপে লোৱা বুলি কয় আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে। শিক্ষা আৰু স্বাস্থ্যৰ লগতে অনান্য বিভাগতো উন্নয়নমূলক আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰে নেতাগৰাকীয়ে। ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে।
আন্তঃগাঁথনি নিৰ্মানত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰসংগত সৰৱ নেতাগৰাকীৰ অভিযোগ কৰি কয় যে মাথো কমিছনৰ অংকত কাম কৰিছে চৰকাৰে। নাগৰিকত্ব সংশোধনী আইন, চমুকৈ কা’ৰ সন্দৰ্ভত দলৰ স্থিতি প্ৰকাশ কৰি নেতাগৰাকীয়ে কয় যে আম আদমি পাৰ্টীয়ে কা’ সমৰ্থন নকৰে। কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনক সমৰ্থন কৰিব আপে।