গুৱাহাটী, ১ মাৰ্চ, ২০২৪.: আফগানিস্তান আৰু পাকিস্তানৰ জনপ্ৰিয় পখতুনী খাদ্যসম্ভাৰৰ (Pakhtun Food) অনন্য সোৱাদ ভাৰতীয় খাদ্যপ্ৰেমীসকলক প্ৰদানৰ উদ্দেশ্যে অহা ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ জনপ্ৰিয় ৰেষ্টুৰেণ্ট দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে আয়োজন কৰিছে ‘পখতুন ট্ৰেইল ফুড ফেষ্টিভেল’ শীৰ্ষক এক বিশেষ খাদ্য অনুষ্ঠানৰ। উল্লেখ্য যে, পখতুনী খাদ্য মূলতঃ ঘেঁহু, গম ধান, যৱ আৰু চাউলৰ দৰে শস্য আৰু বিভিন্ন ধৰণৰ মাংসৰ দ্বাৰা প্ৰস্তুত কৰা হয়। তদুপৰি দুগ্ধজাত সামগ্ৰী যেনে দৈ, ছানা, পনীৰ, বিভিন্ন প্ৰকাৰৰ বাদামকে ধৰি স্থানীয়ভাৱে উৎপাদিত শাক-পাচলি আৰু সতেজ আৰু শুকান ফল-মূল আদিও পখতুনী খাদ্য সম্ভাৰত যোগ কৰা হয়।   

এই মাৰ্চ মাহত খাদ্যপ্ৰেমীসকলক পখতুনসকলৰ জনজাতীয় খাদ্যসম্ভাৰৰ জুতি ল’বলৈ আমন্ত্ৰণ জনাইছে দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে। খাইবাৰ গিৰিপথেৰে কৰা এই ভোজন যাত্ৰাত খাদ্যপ্ৰেমীসকলে কাবুলৰ পৰা জালালাবাদ, পেছোৱাৰৰ পৰা লাহোৰ আৰু মুলতানলৈ সমৃদ্ধ আৰু জনপ্ৰিয় খাদ্য সম্ভাৰৰ অনন্য সোৱাদ উপভোগ কৰিবলৈ সক্ষম হ’ব। দ্য গ্ৰেট কাবাব ফেক্টৰীৰ মাষ্টাৰ চেফসকলে প্ৰস্তুত কৰা পখতুন প্ৰদেশৰ নিৰামিষ আৰু আমিষ উভয় প্ৰকাৰৰ অলেখ সুস্বাদু খাদ্য উপভোগ কৰিব পাৰিব আপুনিও। বিখ্যাত গোষ্ট চাপ্‌লি কাবাব, সিন্ধি ফিছ ফ্ৰাই, শিনৱাৰী প্ৰ’ন্‌ছ, লাহোৰী চটপতা মিৰ্চি টাৱা চিকেন, খাইবৰি শ্বামি কাবাব, বেলুচিস্তানী মুৰ্‌গ্‌ য়খ্‌নি পোলাও, কুন্না গোষ্ট আৰু অন্যান্য সুস্বাদু খাদ্যসম্ভাৰে আপোনাক প্ৰদান কৰিব ভোজনৰ অনন্য অভিজ্ঞতা।

ইয়াৰোপৰি, নিৰামিষ আহাৰৰ ভিতৰত আছে পেছোৱাৰী চব্‌জ্‌ চাপ্‌লি কাবাব, মুলতানী সৌফিয়ানী পনীৰ, লাহোৰী চটপতা টাৱা ছোয়া চ্চাপ, জালালাবাদী মাশ্ব্‌ৰুম টিক্কা, পখতুন চোলিয়া আলু টিকি ইত্যাদিৰ দৰে খাদ্যসম্ভাৰ। আনহাতে, ডেজাৰ্টৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে লেব-ই-শ্বিৰিন, খোয়া শ্বেভিয়ান আৰু কৰাচী শ্বাহী টুকড়াৰ দৰে মিঠাই। চতুৰ্দশ শতিকাত গাখীৰ, মৌ আৰু অন্যান্য অমূল্য সম্পদেৰে ভৰপূৰ ভূমি হিন্দুকুশত আক্ৰমণ কৰিছিল মংগোলীয়সকলে। সেই সময়ত কাবাব আছিল মাংসৰ টুকুৰাত মাত্ৰ নিমখ চটিয়াই পুৰি খোৱা এবিধ সাধাৰণ খাদ্য। কিন্তু শীঘ্ৰে এই খাদ্যবিধে ভাৰতীয় চেফসকলৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ভাৰতীয় চেফ সকলে ইয়াক নিখুঁত কৰি ৰন্ধনৰ এক অদ্ভূত কলালৈ পৰিণত কৰে। এই শিল্পকলাৰ উদাহৰণ হৈছে দ্য গ্ৰেট কাবাব ফেক্টৰী; য’ত বিভিন্ন ধৰণে প্ৰস্তুত কৰা কাবাবৰ আমেজ ল’ব পাৰি।

তণ্ডুৰ বা চিঘ্ৰিত পোৰা, তাৱা বা মাহী তাৱাত লাহে লাহে ভজা, কেৰাহীত সম্পূৰ্ণকৈ ভজা, পোষ্ট কৰি ভাপত দিয়া বা শিলৰ ওপৰত সিজোৱা কাবাবে খাদ্যপ্ৰেমীৰ এক পাহৰিব নোৱাৰা অভিজ্ঞতা প্ৰদান কৰে। এই পদ্ধতিৰে প্ৰস্তুত কৰা আটাইতকৈ ৰসাল আৰু সোৱাদযুক্ত কাবাবৰ জুতি লোৱাটো যিকোনো ব্যক্তিৰ বাবেই এক আনন্দৰ বিষয়। এই ৰন্ধন যাত্ৰাত প্ৰতিটো দিনতেই বেলেগ বেলেগ মেন্যু নিৰ্ধাৰণ কৰা হয়, যিয়ে অতিথিসকলক বৈচিত্ৰ্যময় ভোজনৰ অভিজ্ঞতা প্ৰদান কৰে। গলাউটি আৰু বুৰ্‌ৰাৰ দৰে বিখ্যাত মূল কাবাবৰ সমান্তৰালভাৱে খাদ্যতালিকাৰ পৰা দাল ফেক্টৰী, বিৰিয়ানী, ভাৰতীয় ৰুটি, বতৰৰ শাক-পাচলি আৰু সুস্বাদু ডেজাৰ্ট উপভোগ কৰিব পাৰে খাদ্যপ্ৰেমীসকলে।

গৱেষণা আৰু উন্নয়নৰ দশকজোৰা যাত্ৰাৰ দ্বাৰা প্ৰস্তুত কৰা মূল কাবাবসমূহে উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰি আহিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা পাৰিবাৰিক গোপনীয়তাকে ধৰি ৪৫০ তকৈও অধিক কাবাবৰ খাদ্যসম্ভাৰেৰে সৃষ্টিসমূহ অতুলনীয় হৈয়েই আছে। অনুকৰণৰ প্ৰচেষ্টাৰ পিছতো মূল দ্য গ্ৰেট কাবাব ফেক্টৰীৰ চিগ্নেচাৰ কাবাবৰ সুকীয়া সোৱাদ আৰু সুগন্ধি কোনেও অনুকৰণ কৰিব নোৱাৰে। নিৰামিষভোজী খাদ্যপ্ৰেমী অতিথিসকলৰ বাবে সহযোগী চেফসকলে দ্য খাদ্যতালিকাত টণ্ডুৰি ব্ৰকলি আৰু চাব্‌জ্‌ গালৌটিৰ দৰে অনন্য টি কে জি এফ খাদ্য অভিজ্ঞতাৰ বিকল্প যোগ কৰিছে। বিশ্বজুৰি আমাৰ সকলো সৰু-বৰ স্থানতেই সামঞ্জস্যপূৰ্ণ আৰু সুস্বাদু সোৱাদ বজাই ৰাখিবলৈ বিশেষ মছলাৰ পেক ব্যৱহাৰ কৰা হৈছে।