গুৱাহাটী, ৬ ফেব্ৰুৱাৰী, ২০২৫ : বহু প্ৰত্যাশিত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ (Asian Film Festival) প্ৰথম সংস্কৰণ অহা ৭ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত আৰম্ভ হ’ব। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱখনিৰ উদ্বোধন কৰা হ’ব ৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫:৩০ বজাত। এই মহোৎসৱত চলচ্চিত্ৰপ্ৰেমী আৰু চলচ্চিত্ৰ জগতৰ বহু বিশিষ্ট ব্যক্তিৰ সমাগম ঘটিব।
মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ পিছতে প্ৰদৰ্শন কৰা হ’ব ইৰাণৰ বিখ্যাত পৰিচালক বাবাক খাজেহপাছাৰ ছবি ‘ইন দ্য আৰ্মছ অৱ দ্য ট্ৰি’। ইফালে, উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথিৰূপে উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শ্ৰীলংকাৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন ৱিথানাগে, বিশিষ্ট চলচ্চিত্ৰ অভিনেত্ৰী শিৱা চাদ্দা আৰু অসম চৰকাৰৰ মুখ্য সচিব আই এ এছ বিষয়া ড° ৰবি কোটা।
তিনিদিনীয়া এই মহোৎসৱত এছিয়াৰ বিভিন্ন দেশৰ ছবিৰ অনন্য সংকলন প্ৰদৰ্শিত হ’ব, যিয়ে শিল্প আৰু সাংস্কৃতিক আদান-প্ৰদানৰ এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ়ি তুলিব। উল্লেখ্য যে, ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ বাবে ২৫ খন পুৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্বাচন কৰা হৈছে। ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপাইনছ, শ্ৰীলংকা আৰু তুৰস্ক আদি দেশৰ ছবি এই মহোৎসৱত প্ৰদৰ্শিত হ’ব।
অন্যহাতে, এই মহোৎসৱৰ এটা উল্লেখযোগ্য দিশ হ’ব উত্তৰ-পূব ভাৰতৰ বাবে এক বিশেষ প্ৰতিযোগিতামূলক শাখা, য’ত বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হ’ব। কলাত্মক উৎকৰ্ষতা, সৃষ্টিশীলতা আৰু কাহিনী উপস্থাপনৰ দক্ষতাক স্বীকৃতি দিবলৈ প্ৰস্তুত কৰা এই শাখাত উত্তৰ-পূব ভাৰতৰ ৬ খন নিৰ্বাচিত ছবিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। একে সময়তে তিনিদিনীয়া এই মহোৎসৱত অনুষ্ঠিত হ’ব মনোজ্ঞ আলোচনা চক্ৰ আৰু কৰ্মশালা, য’ত আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু উদ্যোগ বিশেষজ্ঞসকলে তেওঁলোকৰ অভিজ্ঞতা সম্পৰ্কে ভাৱৰ আদান প্ৰদান কৰিব।