গুৱাহাটী,সংবাদ৩৬৫,৯ মাৰ্চ: অগপৰ ৰাজ্যিক কাৰ্য্যালয়ত আনুষ্ঠানিকভাৱে দুই শতাধিক লোকৰ সৈতে যোগদান কৰে আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ নেতা সুনীল ৰাজকোঁৱৰে। যোগদান কৰাৰ পূৰ্বে দীঘলী পুখুৰীৰ পাৰৰ পৰা এক বৃহৎ সমদল কৰি অগপ কাৰ্যালয়ত উপস্থিত হয় ৰাজকোঁৱৰ।তেওঁৰ সৈতে সমগ্ৰ আঞ্চলিকতাবাদী অগপ ই যোগদান কৰে অসম গণ পৰিষদত।
উল্লেখযোগ্য আঢ়ৈ বছৰ পূৰ্বে অগপ ত্যাগ কৰি নতুন দল গঠন কৰিছিল সুনীল ৰাজকোঁৱৰে। বিজেপিৰ লগত অগপই যোৱা বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰাত ক্ষুদ্ধ হৈ পৰিছিল নেতাজন। পাছত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে বিজেপিৰে সৈতে অগপই মিত্ৰতা ছেদ কৰা বাবে পুনৰ অগপলৈ ঘূৰি অহা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে সুনীল ৰাজকোঁৱৰে।
ইয়াৰোপৰি সংবাদ মাধ্যমৰ আগত ৰাজকোঁৱৰে দাবী কৰে যে তেওঁ যোৱা বিধান সভা নিৰ্বাচনত ১৭ টা সমষ্টিৰ পৰা অঞ্চলিকতাবাদী অগপৰ পৰা প্ৰাৰ্থীত্ব দিছিল যদিও অগপৰ বিৰোধিতা কেতিয়াও কৰা নাছিল ।এতিয়াৰ পৰা আঞ্চলিকতাবাদী অগপ দলটো সম্পূৰ্ণ ৰূপে অসম গণ পৰিষদত বিলীন হোৱা বুলিও তেওঁ কয়।
অগপৰ মজিয়ালৈ সুনিল ৰাজকোঁৱৰৰ লগতে সমগ্ৰ আঞ্চলিকতাবাদী অগপ দলক অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু অগপৰ জ্যেষ্ঠ নেতৃত্বই আদৰণি জনায়।
দলৰ সভাপতি অতুল বৰাই তেওঁৰ বক্তব্যত কয় যে এই যোগদানে অসম গণ পৰিষদৰ ভেঁটি অনাগত দিনত সুদৃঢ় কৰিব। তেখেতে আৰু কয় যে আঞ্চলিকতাৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধি পাইছে। আঞ্চলিকতাবাদত বিশ্বাস কৰা সকললৈ আহ্বান জনায় বৰাই কয় যে অসম গণ পৰিষদৰ পতাকাৰ তলত সকলো সংগবদ্ধ হওঁক।
ইয়াৰোপৰি অতুল বৰাই আহি থকা লোক সভা নিৰ্বাচনত নিৰ্বাচনৰ ৰণ কৌশল সলনি কৰিব লাগিব বুলিও তেখেতৰ বক্তব্যত কয়।
আনহাতে, সুনিল ৰাজকোঁৱৰৰ দলৰ লগতে তেওঁৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাইও অসম গণ পৰিষদত যোগদান কৰে।