গুৱাহাটী, সংবাদ৩৬৫,৯মাৰ্চ: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে  নাৰীগিভ চাইড চেফ লাইভ অভিযানৰ অধীনত মহিলাৰ মটৰ চাইকেল ৰেলী ঘোষণা কৰিলে আয়ুসুন্দ্ৰা চুপাৰস্পেচিয়েলিটি হাস্পতালে।

গুৱাহাটীৰ গড় চুকত অৱস্থিত আয়ুসুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতালে প্ৰতিস্থানটোৰ অনুপ্ৰেৰণা মূলক অভিযান গিভ চাইড চেফ লাইভৰ অধীনত মহিলাৰ মটৰ চাইকেল ৰেলীৰ বিষয়ে ঘোষণা কৰিবলৈ এক সংবাদমেলৰ আয়োজন কৰে।

চচিয়েল মিডিয়া আৰু সামাজিক ক্ষেত্ৰত এই অভিযান আলোচনাৰ বিষয় বস্তু হৈ পৰাৰ সময়ত উক্ত হস্পিতালৰ হাই ৰিক্স প্রেগনেন্সি আৰু আই ভি এফ চেণ্টাৰৰ সঞ্চালিকা ডঃ অয়না বৰঠাকুৰ তথা অস্থিৰোগ আৰু ট্ৰুমা বিভাগৰ সঞ্চালক ডঃ চন্দন নাগে গুৱাহাটীৰ জনতা আৰু সংবাদ কৰ্মীসকলক এই অভিযানৰ পৰা ব্যাপক সমৰ্থন আৰু উৎসাহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

চিকিৎসালয়খনে আন্তৰ্জাতিক নাৰী দিৱস চিকিৎসালয়ৰ সৈতে উদযাপন কৰি সামাজিক সজাগতাৰ জৰিয়তে নাৰী সৱলী কৰণৰ গুৰুত্ব ৰ বিষয়ে প্ৰকাশ কৰিবলৈ হাস্পতালখনে ৩১ মাৰ্চত মহিলাৰ মটৰ চাইকেল ৰেলীৰ আয়োজন কৰিছে।

দুয়োগৰাকী চিকিৎসকে বাইক ৰেলীৰ বাবে আগ্ৰহী মহিলাক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।