নিউজ ডেস্ক, ১৯ মাৰ্চ, ২০২৪ : নাগালেণ্ডত (Nagaland) আৰম্ভ হোৱা তৃতীয় নৰ্থ ইষ্ট গেমছ ২০২৪ ৰ প্ৰথমদিনা অসমে চাৰিটা সোণ, দহটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জসহ ১৯ টা পদক লাভ কৰি প্ৰত্যাশিত আৰম্ভণি কৰিছে৷ মঙলবাৰে অসমে এথলেটিকছ, পেনচাক ছিলাট আৰু আৰ্চাৰীত পদক জয় কৰাৰ লগতে টেবুল টেনিছ, বেডমিণ্টন, টেনিছ, ভলীবলৰ গ্ৰুপ মেচত জয় অৰ্জন কৰিবলৈ সক্ষম হয়৷ ক’হিমাত অনুষ্ঠিত এথলেটিকছত অসমে প্ৰথমদিনাই চাৰিটা সোণসহ সাতটা পদক লাভ কৰে৷

অসমক প্ৰথমটো সোণৰ পদক দিয়ে মহিলাৰ ১৫০০ মিটাৰত প্ৰতিদ্বন্দ্বিতা কৰা পাহি কেউটে৷ চাৰি মিনিট ৫২ ছেকেণ্ড সময় লৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰে পাহি কেউটে৷ স্বৰ্ণ জয়ৰে অভিযান আৰম্ভ কৰাৰ এই সফলতাৰ পাছতে অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে মহিলাৰ এশ মিটাৰ দৌৰৰ সোণ লাভ কৰি উত্তৰ-পূবৰ দ্ৰুত তৰুণী হোৱাৰ গৌৰৱ অৰ্জন কৰে৷ ৰিম্পীয়ে ১২.১১ ছেকেণ্ড সময় লৈ লক্ষ্যত উপনিত হয়৷ ইফালে, অসমৰ ৪০০ মিটাৰ ৰীলেৰ মহিলা দলেও সোণ লাভ কৰিবলৈ সক্ষম হয়৷ শ্ৰেষ্ঠ হোৱাৰ বাবে চাৰি মিনিট ৫.৫৭ ছেকেণ্ড সময় লয় চাৰিজনীয়া মহিলা দলটোৱে৷

প্ৰথমদিনা এথলেটিকছত অসমক চতুৰ্থটো সোণ দিয়ে মহিলাৰ ডিচকাছ থ্ৰ’ত মমতা দলে (৩০.৭৮ মিটাৰ)৷ আনহাতে, পুৰুষৰ ডিচকাছ থ্ৰ’ত অসমৰ মাধুয্য আৰান্ধাৰাই (৪১.৪০ মিটাৰ) ৰূপৰ পদক লাভ কৰে৷ ইফালে, এশ মিটাৰৰ পৰুষ-মহিলাৰ ব্ৰঞ্জৰ পদকো অসমৰ দৌৰবিদে লাভ কৰে৷ অৰূপ জ্যোতি গগৈ (১০.৭৭ ছেকেণ্ড) আৰু দিক্ষিতা চেত্ৰীয়ে (১২.৫৪ ছেকেণ্ড)তৃতীয় স্থানত থাকি পদক জয় কৰে৷

ইফালে, মঙলাবাৰে পেনচাক ছিলাটত অসমে সাতটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ নটা পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ উল্লেখনীয় দিশটো এয়ে যে মঙলবাৰে যি দহটা ইভেণ্টৰ খেল গৈছিল তাৰ ভিতৰত অসমৰ পেনচাক ছিলাট দলে নটা শাখাতে পদক জয় কৰিবলৈ সক্ষম হয়৷ পদক বিজয়ী খেলুৱৈসকল হৈছে ক্ৰমে সত্যনাথ বড়ো, অনন্যা শইকীয়া, প্ৰেৰণা হাজৰিকা, দেবানন্দ পাম, অতুল দলে , নিস্তাৰিনী শইকীয়া, অনন্যা শইকীয়া, ৰশ্মিতা নাথ, সবিতা মুছাহাৰী, ৰীমা বড়ো, মহাবুৰ ৰহমান আৰু সোনালী মুছাহাৰী৷

ইফালে, আৰ্চাৰীতো অসমে তিনিটা পদক লাভ কৰে৷ পুৰুষৰ কম্পাউণ্ড শাখাত (৫০ মিটাৰ) অসমৰ অৰ্ণৱ জ্যোতি ডেকাই ৰূপ অৰ্জন কৰাৰ বিপৰীতে ৰিকাৰ্ভ মহিলাৰ শাখাত (৭০ মিটাৰ) সোণালী বসুমতাৰীয়ে ৰূপ আৰু ৰিকাৰ্ভৰ পুৰুষ শাখাত (৭০ মিটাৰ) মুকেশ বড়োই ব্ৰঞ্জৰ পদক লাভ কৰে৷ প্ৰথমদিনা হোৱা অন্য খেলৰ ভিতৰত টেবুল টেনিছত অসমৰ মহিলা দলে ৩-০ ত পৰাস্ত কৰে ছিক্কিমক ৷ আনহাতে, অসমৰ পুৰুষ দলটোৱে যোৱা বৰ্ষৰ চেম্পিয়ন মিজোৰামক ৩-২ ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷

ইফালে বেডমিণ্টনৰ পুৰুষৰ দলীয় শাখাত অসমে মেঘালয়ক ৩-০ ত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশৰে পদক জয় নিশ্চিত কৰিছে৷ অসমৰ পুৰুষ ভলীবল দলেও প্ৰথম লীগ মেচত ৩-০ ত পৰাস্ত কৰে ছিকিমক৷ টেনিছতো অসমে জয়ৰে অভিযান আৰম্ভ কৰিছে৷ পুৰুষ দলে নাগালেণ্ডৰ বিৰুদ্ধে ৩-০ ত জয় হোৱাৰ বিপীতে মহিলা দলটোৱে ৩-০ ত পৰাস্ত কৰে আয়োজক ৰাজ্যকে৷ ফুটবলত প্ৰতিদ্বন্দ্বী ছিক্কিমৰ দল উপস্থিত নোহোৱাৰ বাবে অসম দলে ৱাকঅভাৰ পায়৷ বুধবাৰে অসমে মিজোৰামৰ বিৰুদ্ধে পৰবৰ্তী খেলত অংশ ল’ব৷

বাস্কেটবল ল’ৰাৰ দলে লীগৰ প্ৰথম খেলত মিজোৰামৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ছোৱালীৰ দল লীগৰ প্ৰথম খেলত মেঘালয়ৰ বিৰুদ্ধে পৰাস্ত হ’য়৷ ইফালে মঙলবাৰে হোৱা বক্সিঙ খেলত অসমৰ চাৰিগৰাকী খেলুৱৈ প্ৰথম ৰাউণ্ডত জয়ী হৈছে৷ উশ্বুতো অসমৰ খেলুৱৈয়ে জয়ৰে পৰবৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰি পদক জয়ৰ আশা সজীৱ কৰিছে৷