কৰিমগঞ্জ, ১৬ মে’, ২০২৪ : ড্ৰাগছৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে পুনৰ লাভ কৰিছে এক বৃহৎ সাফল্য। ড্ৰাগছ বিৰোধী অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ১০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন বৃহৎ সাফল্য। কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ১০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ। আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। বুধবাৰে কৰিমগঞ্জ জিলাৰ বদৰপুৰ আৰক্ষীয়ে এক অভিযান চলাই প্রায় ১০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ ওজন ১.২ কেজি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বদৰপুৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বুজন‌ পৰিমানৰ হেৰ’ইনখিনি জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীৰ আটক কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে এএছ-০১-জেচি-৬৭৯৬ নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই ১১০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচত উদ্ধাৰ কৰি জব্দ কৰে। ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল ১১০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ।

১০০ টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ হোৱা ১.২ কেজি হেৰ’ইনৰ বজাৰ মূল্য ১০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। এই বুজন পৰিমাণৰ হেৰ’ইনখিনিৰ লগত আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম চিয়াব উদ্দিন বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীজনে চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা হেৰ’ইনখিনি আনি কৰিমগঞ্জ মাজেৰে গুৱাহাটীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল। আৰক্ষী ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। বিশেষকৈ চুবুৰীয়া ৰাজ্যৰ সীমান্তৰ অঞ্চল সমূহেৰে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা থকা পৰিলক্ষিত হৈছে। বিগত সময়ছোৱাত কৰিমগঞ্জ আৰু কাছাৰৰ মাজেৰে ড্ৰাগছ সৰবৰাহকাৰীৰ ড্ৰাগছ সৰবৰাহৰ কেইবাটাও চেষ্টা বিফল কৰিছে আৰক্ষীয়ে।