নলবাৰী, ৯ মেঃ বাল্য বিবাহ বন্ধ কৰাৰ স্বাৰ্থত সমগ্ৰ ৰাজ্যতে আৰক্ষী আৰু ছাইল্ড লাইনে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা সময়তে নলবাৰী চান্দকুছিবাসীৰ তৎপৰতাত এহাল কিশোৰ-কিশোৰীয়ে বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰা কথমপি ৰক্ষা পৰে৷ ঘৰৰ অজ্ঞাতে বিবাহ-পাশত আৱদ্ধ হ’বলৈ যোৱা এহাল কিশোৰ-কিশোৰীক স্হানীয় বাসিন্দাই সন্দেহবশত ঘেৰাও কৰাত কথমপি বিবাহত আবদ্ধ হোৱাৰ পৰা ৰক্ষা পৰে এইহাল কিশোৰ-কিশোৰী৷ প্ৰাপ্ত তথ্য অনুসৰি, নলবাৰী চান্দকুছিৰ জাগাৰা গাঁৱৰ বি কম দ্বিতীয় ষান্মাসিকৰ এজন ছাত্ৰই অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিবাহ কৰোৱাৰ উদ্দেশ্যৰে বাইকেৰে ঘৰৰ পৰা পলোৱাই নিয়াৰ চেষ্টা কৰে৷ কিন্তু কিশোৰ-কিশোৰীৰ এই কাৰ্য্যত স্থানীয় লোকৰ সন্দেহৰ সৃষ্টি হোৱাত তেওঁলোকে কিশোৰ-কিশোৰীহালক আটক কৰে৷ স্থানীয় লোকৰ হেঁচাত কিশোৰ-কিশোৰীয়ে বিবাহৰ কাৰণে পলায়ন কৰিব বিচৰা কথা স্বীকাৰ কৰে৷ চান্দকুছিবাসীয়ে সমগ্ৰ ঘটনাটো ভালদৰে আলোচনা কৰি কিশোৰ-কিশোৰীহালক আৰক্ষী আৰু ছাইল্ড লাইনৰ হাতত চমজাই দিয়াৰ সিদ্ধান্ত লয়৷