গুৱাহাটী, ১০ ফেব্ৰুৱাৰী, ২০২৪ : বন্ধন বেংকে (Bandhan Bank) ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। বেংকটোৰ মুঠ ব্যৱসায় ১৭ শতাংশ বৃদ্ধি হৈ ২.৩৩ লাখ কোটি টকা হৈছেগৈ। বেংকটোৰ মুঠ জমা ধনৰ মাজত খুচুৰা ব্যৱসায়ৰ অংশ এতিয়া ৭২ শতাংশ। এই ত্ৰৈমাসিকত দেখা পোৱা উৎসাহজনক বৃদ্ধিৰ মূলতে হৈছে বেংকটোৰ বিতৰণৰ সম্প্ৰসাৰণ আৰু অনুকূল পৰিচালনা পৰিৱেশ।

যোৱা ৩ মাহত বন্ধন বেংকে সমগ্ৰ দেশত ২৬ টা শাখা মুকলি কৰিবলৈ সক্ষম হৈছে। বেংকটোৱে ভাৰতৰ ৬,২৫০ টাৰো অধিক বেংকিং আউটলেটৰ জৰিয়তে ৩.২৬ কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াবলৈ সক্ষম হৈছে ৷ বৰ্তমান বন্ধন বেংকত কাম কৰা মুঠ কৰ্মচাৰীৰ সংখ্যা ৭৫,০০০ ৰো অধিক। ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ সময়ছোৱাত বেংকৰ জমা যোৱা বছৰৰ সংশ্লিষ্ট ত্ৰৈমাসিকৰ তুলনাত ১৫ শতাংশ বৃদ্ধি পাইছে। বেংকৰ মুঠ জমাৰ পৰিমাণ এতিয়া ১.১৭ লাখ কোটি হোৱাৰ বিপৰীতে মুঠ ঋণ প্ৰদানৰ পৰিমাণ ১.১৬ লাখ কোটি টকা।

এই ফলাফলৰ প্ৰসংগত নিজৰ অভিমত ব্যক্ত কৰি বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু কাৰ্যবাহী বিষয়া চন্দ্ৰশেখৰ ঘোষে কয় যে, ‘’তৃতীয় ত্ৰৈমাসিকতো পূৰ্বৰ বছৰবোৰৰ দৰে বেংকটোৱে সমৃদ্ধিৰ জয়যাত্ৰা অব্যাহত ৰাখিছে। এই ত্ৰৈমাসিকৰ আৰম্ভণিতে বেংকটোৱে ক’ৰ বেংকিং চিষ্টেম (চিবিএছ)ৰ আপগ্ৰেড কৰিছিল। নতুন ব্যৱস্থাৰ জৰিয়তে আমি বেংকৰ ব্যৱসায় বৃদ্ধিত আৰু অধিক উত্থান ঘটিব বুলি বিশ্বাসী। বেংকটোৱে সকলো গ্ৰাহকক নিজৰ প্ৰয়োজন অনুসৰি সামগ্ৰী আৰু সেৱাৰ জৰিয়তে সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।সমান্তৰালভাৱে, আমি ভাৰতৰ আৰু বেছি মানুহৰ কাষ চাপিবলৈ বিতৰণ সম্প্ৰসাৰণৰ সুযোগসমূহৰ সক্ৰিয় মূল্যায়নো কৰি যাম।‘’

দ্ৰুতগতিত ক্ৰমান্বয়ে বেংকটোৱে আগুৱাইছে আৰু অন্যান্য সামগ্ৰীৰ পৰিসৰৰ ভিতৰত এছএমই ঋণ, গল্ড লোন, ব্যক্তিগত ঋণ আৰু অটো ঋণৰ দৰে ক্ষেত্ৰসমূহত নিজৰ পৰ্টফলিঅ’ বৃদ্ধিৰ প্ৰয়াস অব্যাহত ৰাখিছে। বেংকে শেহতীয়াকৈ ব্যৱসায়ৰ বাবে বাণিজ্যিক বাহন ঋণ আৰু সম্পত্তিৰ বিপৰীতে ঋণৰ ক্ষেত্ৰতে সেৱা আগবঢ়াইছে৷”