কলগাছিয়া, ২৭ অক্টোবৰঃ সৰভোগ সমষ্টিৰ বৰপেটাৰোড ৰেল ষ্টেচনত এখন ৰেলৱে অভাৰব্ৰীজ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৪ কোটি টকা অনুদান দিয়াৰ লগতে বৰপেটাৰোড ৰেলৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰাত অঞ্চলজুৰি আনন্দৰ পৰিবেশ সৃষ্টি হৈছে। সৰভোগ সমষ্টিৰ বাসিন্দা আৰু বৰপেটাৰোড বাসীৰ দীৰ্ঘদিনীয়া দাবী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসৰ তৎপৰতাত বৰপেটাৰোড ৰেলৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰাপ্ত তথ্য মতে, শনিবাৰে ত্ৰিপুৰাৰ পৰা নতুনকৈ চলাচল আৰম্ভ কৰিব ৰাজধানী এক্সপ্ৰেছে। সাপ্তাহিক ৰেলখনে ৰাজধানী আগৰতলাৰ পৰা দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনলৈ চলাচল কৰিব। শনিবাৰে ৰেলখনৰ যাত্ৰাৰ আৰম্ভণিৰ সময়ত ৰেলখনে আগৰতলাৰ পৰা ধৰ্মনগৰ, বদৰপুৰ, নিউ হাফলং, হোজাই, গুৱাহাটী, কামাখ্যা, ৰঙিয়া, বৰপেটা ৰোড, নিউ জলপাইগুৰি, কাটিহাৰ, বাৰাউনি, পাতলিপুত্ৰ, মুগলচৰাই, কানপুৰ আৰু আনন্দ বিহাৰ ষ্টেচনলৈ যাত্ৰা কৰিব। অৱশ্যে নিয়মীয়া ৰূপত ৰেলখনে আগৰতলা, ধৰ্মনগৰ, নিউ কৰিমগঞ্জ, বদৰপুৰ, নিউ হাফলং, হোজাই, গুৱাহাটী, কামাখ্যা, ৰঙিয়া, বৰপেটা ৰোড, নিউ জলপাইগুৰিৰ পৰা মুকুৰিয়া হৈ কাটিহাৰ, বাৰাউনিৰ পৰা শ্বাহপুৰ পাটৰী হৈ পাতলিপুত্ৰ, মুগলচৰাই, কানপুৰ আৰু আনন্দ বিহাৰ ষ্টেচন স্পৰ্শ কৰিব।