গুৱাহাটী,সংবাদ৩৬৫,৬মাৰ্চ: গুৱাহাটী মহানগৰীৰ বশিষ্ঠত ডকাইতি কাণ্ডৰ লগত জড়িত আন দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ । উল্লেখযোগ্য যে মঙলবাৰে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে । ইয়াৰ পাছতে বুধবাৰে আন দুজন ডকাইতি কাণ্ডৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।
বশিষ্ঠ আৰক্ষীৰ জালত পৰিল ক্ৰমে জিতেন ৰাভা , ঋতুমণি পাটৰ আৰু বিশাল সূত্ৰধৰ নামৰ তিনিজন ডকাইত ।
উল্লেখ্য যে ২ মাৰ্চৰ নিশা ডকাইতৰ দলটোৱে হস্ততাঁত-বস্ত্ৰ শিল্প বিভাগৰ অতিৰিক্ত মুখ্য সচিব কনক চন্দ্ৰ ডেকাৰ বাসগৃহত পিষ্টল টুৱাই পৰিয়ালৰ লোকক হাত ভৰি বান্ধি উক্ত ডকাইত কেইজনে লুটপাত চলাইছিল ।
আনহাতে এই ডকাইতি কাণ্ডৰ লগত জড়িত আন চাৰিজন ডকাইত এতিয়াও পলাতক অৱস্থাত আছে ।