গুৱাহাটী ,সংবাদ৩৬৫,৬ মাৰ্চ :সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

শীতল যুদ্ধ চলি আছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। অমিত শ্বাহৰ ওচৰত দাম বঢ়াবলৈয়ে চলিছে এই যুদ্ধ। আৰু এই দুজনৰ শীতল যুদ্ধৰ কুফল ভুগিছে অসমৰ ৰাইজে। বুধবাৰে অনুষ্ঠিত কৰা সংবাদমেলত এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

লগতে কয় যে অগপ আৰু বিজেপিৰ কাষলৈ গৈ আছে, অতুল বৰা আৰু কেশৱ মহন্তই মিত্ৰতা বিচাৰি আছে। অগপই কংগ্ৰেছৰ পৰা কলিয়াবৰ আসনখন বিচাৰিছিল । অগপৰ দাবীৰ কথা ৰকিবুল হুছেইনে জনোৱা বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

সংবাদমেলত তেখেতে আৰু কয় যে এন আৰ চি  খন এতিয়া ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াই ভাল। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশী আনিব বিচাৰিছে, একে সময়তে সীমান্ত ছীল কৰি বাঃ বাঃ ল’ব বিচাৰিছে বিজেপিয়ে।

শাসকীয় দল বিজেপিৰ দিনত সন্ত্ৰাসবাদ বাঢ়িল, অধিক সাধাৰণ লোকৰ মৃত্যু হৈছে কাশ্মীৰত। বিজেপি চৰকাৰৰ দিনতেই মাছুদৰ কথা কোৱা হৈছে, এই মাছুদক বিজেপি চৰকাৰেই এৰি দিছিল, বালাকোটৰ ঘটনাক লৈ চৰকাৰৰ স্থিতি স্পষ্ট নহয়, প্ৰধানমন্ত্ৰীৰ কথা প্ৰতিৰক্ষা মন্ত্ৰীৰ লগত নিমিলে, বিদেশ মন্ত্ৰীৰ কথা নিমিলে গৃহ মন্ত্ৰীৰ কথাৰ লগত – এনেদৰেও সংবাদমেলত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

যোৰহাট আৰু গোলাঘাটৰ চুলাই মদৰ ঘটনাতো চি বি আইক তদন্তৰ দাবী জনাই কয় যে ডেৰশতকৈও অধিক মানুহ মৰাৰ পিছতো চুলাই মদ কাণ্ডৰ কিয় চি বি আইক তদন্ত দিবলৈ সাহস হোৱা নাই৷