পলাশবাৰী, সংবাদ ৩৬৫ , ৭ জুন : ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ আয়ুস ৰেখা বাপতি সাহোন কৃষি ভিত্তিক বায়খো উৎসৱ । বৰদুৱাৰ ভোলাগাও আঞ্চলিক ৰাভা ছাত্ৰসন্থা,বৰদুৱাৰ ভোলাগাও ষষ্ঠ অনুসুচী দাবী সমিতি,বৰদুৱাৰ ভোলাগাও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বৰদুৱাৰ ভোলাগাও আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটৰ পৰম্পৰা অনুসৰি উৎযাপন কৰা হয় ষষ্ঠম বাৰ্ষিকি বায়খো উৎসৱ ।

জেঠ মাহৰ পুৰ্ণিমা তিথিত কৰা বায়খো এই উৎসৱত ১৩ টা দেৱ-দেৱীক পূজা-অৰ্চনা কৰি গাহৰি-মুৰ্গী দেৱ-দেৱীক উচৰ্গা কৰা হয় । লগতে বায়খো উৎসৱৰ লগত সংগতি বায়খো পুজা,বিভিন্ন ৰাভা সকলৰ ৰাভা লোক কৃষ্টি প্ৰদৰ্শন মুকলি সভা অনুষ্ঠিত হয় ।