দক্ষিণ কামৰূপ, ২২ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ বঙৰা চ’কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত লাগি থকা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰে অঞ্চলবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা দুটা খুটা ক্ৰমে ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে হালি থকাত স্থানীয় লোকৰ লগতে বিদ্যুৎৰ খুটাৰ ওচৰত থকা ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ শংকিত হৈ পৰিছে। বিশেষকৈ খুটা দুটা ৰাষ্ট্ৰীয় ঘাইপথ নিচেই ওচৰত থকাত খুটা দুটা পথত বাগৰি পৰিলে বিপদজনক পৰিস্থিতি সৃষ্টি হ’ব পাৰে। এই সন্দৰ্ভত ব্যৱসায়ী প্ৰতিষ্ঠান কেইখনৰ গৰাকী কুশল দাস আৰু হেমন্ত চৌধুৰীয়ে স্থানীয় লাইনমেনৰ লগতে বিদ্যুৎ বিভাগক কেবাবাৰো অভিযোগ দিছে যদিও বিবাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে আজাৰাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ যোৱা পথত থকা ট্ৰান্সৰ্ফামাৰৰ পৰা যোৱা তাঁৰ মাটিৰ পৰা প্ৰায় ২ৰ পৰা ৩ ফুটহে ওপৰত বিপদজনক ভাবে ওলমি আছে৷ তাৎপৰ্য্যপূৰ্ণ যে, ট্ৰান্সৰ্ফামাৰৰ ওচৰতে থকা বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে বৈদ্যুতিক তাঁৰৰ তলত বিপদজনক ভাবে খেল ধেমালি কৰে৷ কিন্তু বিদ্যুৎ বিভাগক এই সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰাৰ পিছতো বিভাগটোৱে সৰ্বসাধাৰণৰ জীৱনক লৈ হেঁতালি খেলাৰ অভিযোগ উঠিছে৷