- ৰুণজুন বৰুৱা কৌশিক
জাতীয় চেতনাবোধ সজীৱ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় লোক সংস্কৃতি বিহুৱে৷ লুইতপৰীয়া সংস্কৃতিৰ কৃষিকেন্দ্ৰিক বিহু অসমৰ জাতীয় জীৱনৰ প্ৰতীক স্বৰূপ৷ জাতীয় জীৱনত লোক-সংস্কৃতিৰ উত্তৰণ হ’ল এটা জাতিৰ পৰম্পৰাগত প্ৰমূল্যবোধক প্ৰতিনিধিত্ব কৰা৷ লোক সংস্কৃতিৰ ধাৰা বৈদিক যুগৰে পৰা ভাৰতীয় সংস্কৃতিৰ বুকুত দুটা ধাৰাৰে প্ৰৱাহিত হৈ আহিছে৷ চাৰিবেদৰ ভিতৰত ঋকবেদত শিষ্ট সংস্কৃতি আৰু অথৰ্ব বেদত লোক সংস্কৃতিৰ আভাষ পোৱা যায়৷ ঋকবেদ অৰ্থববেদৰ পৰিপূৰক বাবে ‘শিষ্ট’ আৰু ‘লোক’ সংস্কৃতি ইটো-সিটোৰ পৰিপূৰক ৰূপ হিচাপে গণ্য কৰা হয়৷ অসমৰ বিহু তেনে এটি লোক-সংস্কৃতিৰ উপাদান৷
এই সংস্কৃতিয়ে থলুৱা অসমীয়াৰ জন-জীৱনলৈ অৱদান আগবঢ়োৱা বড়ো, ৰাভা, মিচিং, ডিমাচা আদি জনজাতীয় সংস্কৃতিক একতাৰ ডোলেৰে বান্ধি বৃহত্তৰ অসমীয়া জাতি-গঠনত সহায় কৰিছে৷ অৱশ্যে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ উপাদানসমূহ সামৰি বিহুৱে স্বকীয় ৰূপ লাভ কৰে যদিও বিহু প্ৰথমে কোনটো জনগোষ্ঠীৰ ফালৰ পৰা আহিল কোৱাটো কঠিন৷ বিহু নামৰ পৰা বিহু আহোমৰে সৃষ্টি যেন অনুমান হয়৷ বিহুগীতৰ যোজনাই কয়-
‘বিহুটি আহিলে কলিয়াবৰতে
চৰাইদেউত ল’লেহি ঠাই,
গাঁৱৰ বুঢ়া-ডেকাই আদৰি আনিলে
বিহুগীত এফাঁকি গাই৷’
অসমীয়া ব’হাগ মাহত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে স্বকীয় বৈশিষ্টৰে নিজ নিজ বিহু পালন কৰে৷ অসমীয়া বিহু চ’তৰ শেষৰ দিনা পালন কৰা হয়৷ প্ৰথম দিনা গৰু বিহু৷ পুৱা মাহ হালধিৰে গৰুক নদী বা পুখুৰীত নোৱাই-ধোৱাই চালনিত কাটি থোৱা কেঁচা হালধি, জাতিলাউ, বেঙেনা, কেৰেলা, থেকেৰা আদি গৰুৰ গাত চটিয়াই ‘লাউ খা, বেঙেনা খা, দিনে দিনে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু’ বুলি মাখিয়তীৰে কোবোৱা হয়৷ আবেলি আগচোতাল, পাঁচ চোতাল আৰু বৰ ঘৰৰ মজিয়াত ধান খেৰ, তুঁহ, লাইজাবৰি, বিহু লগনী, জেতুকা আদিৰে জাক দিয়া হয়৷ গৰু গোহালিলৈ আহোতে বিচনীত নতুন গামোচা দি বিচি নতুন পঘা দিয়া হয়৷ লুইতপৰীয়া কৃষিকেন্দ্ৰিক অসমীয়াৰ গো-ধনৰ প্ৰতি সেয়া এক বিশেষ সন্মান৷ দ্বিতীয় দিনা মানুহৰ বিহু৷ সেইদিনা পুৱা মাহ-হালধিৰে গা ধুই অসমীয়াৰ আদৰৰ গামোচাখন বিহুৱান হিচাপে ডিঙিত পিন্ধি জ্যেষ্ঠ জনক আঠু লৈ সেৱা কৰি বিহু উৎসৱ পালন কৰা হয়৷ পুৱাৰে পৰা ডেকা-গাভৰুসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মুকলি পথাৰৰ লগতে মানুহৰ ঘৰে ঘৰে হুঁচৰি গাই আনন্দ-উল্লাস কৰে৷ অসমীয়া ব’হাগ বিহুত মুখ্য ভূমিকা লয় গামোচাখনে৷ বিহুৰ দিনা জ্যেষ্ঠ জনক গামোচা পিন্ধাই সন্মান জনোৱা উপৰি ঘৰলৈ হুঁচৰি আহিলে মান হিচাপে গামোচা শৰাইত আগবঢ়াই দিয়াৰ পৰম্পৰা আছে৷ তদুপৰি চেনাইলৈ বুলি হাতৰ টিপাতে নিয়া বিহুৱানখনেও যেন সোঁৱৰাই দিয়ে যৌৱনে আমনি কৰা ব’হাগৰ দিন কেইটাৰ কথা৷ অসমীয়াৰ সাজ-সজ্জাৰ এক বিৰল চানেকি হ’ল মুগাৰ চাদৰ মেখেলা৷ এগৰাকী অসমীয়া গাভৰু বুলিলে গলধনত পৰাকৈ বন্ধা কলডিলনীয়া খোপাত কপৌফুল গুজি গগনা লৈ খামুচীয়া ককাঁলৰ খুচনীত সুতুলি, তামোল, কটাৰী লৈ হাতত জেতুকাৰ বোলেৰে, মুগা- মেখেলা চাদৰ পিন্ধা নাৰীৰ এক পূৰ্ণ পৰিস্ফুত ৰূপক সকলোৱে বুজি পায়৷
বিহু দিনা আবেলি আম কলি, কঁঠাল কলি, নিমপাত, মচুৰ দাইল আদি একেলগে মহৌষধি খোৱাৰ এটা পৰম্পৰা আছে৷ এই পৰম্পৰা সমূহৰ ভিতৰত উজনি আৰু নামনিৰ মাজত কিছু কিছু ভিন্নতা থকা দেখা যায়৷
সময়ৰ গতিত অতীতৰ কৃষিজীৱী চিৰিলুইতপৰীয়া বিহুৱে, আহোম যুগীয়া কৃষ্টি-সংস্কৃতি সাৱতি সময়ৰ প্ৰৱাহমান গতিত ৰংঘৰৰ মঞ্চ পালেহি৷ ১৯৪১ চনত ৰাধা গোবিন্দ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাত প্ৰথমবাৰলৈ আসমীয়াৰ বাপতি সাহোন বিহুৱে ডিব্ৰুগড়ত মঞ্চ পালেহি৷ মঞ্চমুখী বিহুৱে অধিক জনপ্ৰিয়তা লাভ কৰি বিশ্ব দৰবাৰত স্থান লভিলেও অতীতৰ আনন্দ-উল্লাসৰ মাজত ভিন্নতা আহি পৰিছে৷ জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে উত্তৰ-পূৱৰ সম্প্ৰীতিৰ সাকোঁডাল মঞ্চৰ বিহুৱে টনকিয়াল কৰিলেও আধুনিকতাৰ সাঁচে জাতীয় সংস্কৃতিৰ খুঁটি লৰাইছে৷ অতীতৰ চহা খেতিয়কৰ মনৰ জড়তা ভাঙি নতুন উদ্দীপনা অনা প্ৰাণ চঞ্চল বিহুৱে জন সমাজলৈ আনি দিছিল আনন্দৰ জোৱাৰ৷ কিন্তু বৰ্তমানৰ বিহু প্ৰতিযোগিতামূলক৷ অতীতত মুখে মুখে চলি অহা বিহুৰ সুৰীয়া সুৰে আধুনিকতাৰ চাপ লৈ দৃশ্য-শ্ৰাব্য কেছেটত স্থান ল’লে৷ ঘৰুৱা জেতুকাৰ অভাৱ সুদূৰ ৰাজস্থানৰ বজাৰে পূৰালেহি৷ যি কি নহওঁক, অসমীয়া জাতিৰ কলা-কৃষ্টিৰ ৰক্ষক পৰম্পৰাগত বিহুৱে সভ্যতাৰ মাপকাঠি জুখিলেও আমি জাতিৰ অস্তিত্বক পাহৰি নগৈ বাপতি সাহোন লুইতপৰীয়া বিহুক বৰ অসমৰ ভেঁটিত আৰু বেছি টনকিয়াল কৰিব লাগিব৷
সেয়ে হয়তো আমাৰ অতি মৰমৰ ভূপেনদায়ো গীতৰ মাজেৰে কৈ গৈছে-
ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণজীৱনৰ ই সাহ৷