গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : অসমত বিছলেৰী ব্ৰেণ্ডৰ পানী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে খাদ্য সুৰক্ষা বিভাগে। উল্লেখযোগ্য যে ৬ এপ্ৰিলত বিছলেৰী পানীৰ নমুনা সংগ্ৰহ কৰিছিল খাদ্য সুৰক্ষা বিভাগটোৱে । নমুনা সংগ্ৰহ কৰা পানীত যথেষ্ট পৰিমাণৰ অনুপযোগী ফ্লৰাইড পোৱা গৈছিল ।

যিহেতু এক লিটাৰ পানীত এক মিলিগ্ৰাম ফ্লৰাইড থাকিলেহে পানী খোৱাৰ বাবে উপযোগী হয় কিন্তু বিছলেৰী ব্ৰেণ্ডৰ পানীত প্ৰায় ৫ মিলিগ্ৰামতকৈও অধিক পৰিমাণৰ ফ্লৰাইড পোৱা গৈছে। সেয়ে বিছলেৰী ব্ৰেণ্ডটোক পানী উন্নতৰ পৰিমাণৰ কৰিবলৈ এমাহৰ সময় সীমা বান্ধি দিলে খাদ্য সুৰক্ষা বিভাগে। এই ব্ৰেণ্ডৰ কোম্পানীটো আছে কমলপুৰত ।