ৰঙিয়া, ৩০ জুনঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি পৃথক বড়োলেণ্ড গঠনৰ দাবী জনাইছে বড়ো অ’মেন ফৰ পিচ মুভমেন্টে। মুখ্যমন্ত্ৰীক সাক্ষাত কৰাৰ পিছতে ৰঙিয়া প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি বড়ো অ’মেন ফৰ পিচ মুভমেন্টে এই তথ্য সদৰি কৰে৷ আছফাৰ অচিলাৰে উগ্ৰপন্থী দমনৰ নামত বিটিএডিত নিৰীহ লোকক অত্যাচাৰ বন্ধ কৰা, মহিলাৰ সুৰক্ষা নিশ্চিত কৰা আদিৰ লগতে বিডিএডিৰ সকলো ব্যক্তিৰে সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বড়ো অ’মেন ফৰ পিচ মুভমেন্টৰ উপদেষ্টা  প্ৰতিভা ব্ৰহ্ম, প্ৰতিমা বড়ো, আহবায়ক ৰংগীনা বৰগয়াৰীৰ লগতে পাঁচ জনীয়া মহিলাৰ দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে৷ দলটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এই সন্দৰ্ভত এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। বড়ো অ’মেন ফৰ পিচ মুভমেন্টে সংবাদমেলত বৰ্তমান সময়ত বিটিএডিত উন্নয়ন শূন্য বুলিও অভিযোগ কৰে।