গুৱাহাটী, ১৫ মাৰ্চ, ২০২৪ : অসমৰ সাত গৰাকী খেলুৱৈয়ে চলিত আৰ ই চি পূব মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং (Boxing Camp) প্ৰতিযোগিতাৰ যুৱ আৰু এলিট শাখাৰ এতিয়ালৈকে হোৱা খেলত জয়ৰে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দেওবাৰে মহিলাৰ এলিট শাখাৰ লগতে ল’ৰাৰ যুৱ শাখাৰো কোৱাৰ্টাৰ ফাইনেল মেচসমুহ আৰম্ভ হয়৷

মহিলাৰ এলিটৰ ৫০-৫২ কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ ভুপালীয়ে দিল্লীৰ ছিমৰণক পৰাস্ত কৰে৷ ইফালে, অসমৰ আৰতিয়ে ৰাজ্যৰে প্ৰিয়া বসুমতাৰীক হৰুৱাই ৫৪-৫৭ কিলোগ্ৰাম ওজন শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে এই ওজন শাখাৰ আনখন কোৱাৰ্টাৰ ফাইনেলত অসমৰ মঞ্জু বসুমতাৰীয়ে পৰাস্ত কৰে হাৰিয়ানাৰ প্ৰীতিক৷ উল্লেখ্য যে অসমৰ সাত মহিলা বক্সাৰ দেওবাৰে পৰাস্ত হ’লেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সূত্ৰে আটাইকেইগৰাকীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়৷

ইফালে, ল’ৰাৰ যুৱ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ ৱাহিদুৰ ৰহমানে ৪৮-৫১ কিলোগ্ৰাম ওজন শাখাত নগালেণ্ডৰ বিশ্বজিত দৈমাৰীক, ৬০-৬৩ কিলোগ্ৰাম ওজন শাখাত জুনাইদ আনন্দে হাৰিয়ানাৰ যোগেশক, ৬৭-৭১ কিলোগ্ৰাম ওজন শাখাত যুৱৰাজ যাদৱে ৰাজ্যৰে বিশাল বিশ্বাসক আৰু ৭৫-৮০ কিলোগ্ৰাম ওজন শাখাত নিৰ্বান জ্যোতি গগৈয়ে হাৰিয়ানাৰ সাগৰ কুমাৰক পৰাস্ত কৰি ছেমিফাইনেললৈ অগ্ৰসৰ হয়৷ এই শাখাত অসমৰ চাৰিগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত অভিযান সামৰি পদকৰ পৰা বঞ্চিত হয় যদিও ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে৷

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ লগতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী প্ৰতিযোগিতাখনৰ পুৰুষৰ দ্বিতীয় ৰাউণ্ডৰ মেচসমুহ শনিবাৰে নিশা অনুষ্ঠিত হয়৷ অসমৰ নগৰাকী বক্সাৰে নিজৰ নিজৰ ওজন শাখাৰ মেচত জয়ী হৈ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷