গুৱাহাটী, ১৫ মাৰ্চ, ২০২৪ : অৰগেং এফ চি, ডিমাকুছি দল আৰু কামৰূপা এফ চিয়ে চলিত চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত (Football Final) প্ৰৱেশ কৰিছে৷ ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিৰ উদ্যোগত তথা ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দেওবাৰে অন্তিম দুখন লীগ মেচ অনুষ্ঠিত হয়৷ উল্লেখ্য যে অৰগেং এফ চিয়ে লীগৰ তিনিওখন মেচতে জয়ী হৈ অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰাখি পইণ্ট তালিকাৰ শীৰ্ষ দলৰূপে ফাইনেলত প্ৰৱেশ কৰে।

আনহাতে, কামৰূপা এফ চিয়ে প্ৰথম দুখন লীগ মেচত ব্যৰ্থ হোৱাৰ পাছতো শুকুৰবাৰে চমকপ্ৰদ প্ৰদৰ্শনৰে মৰণপণ অন্তিম লীগ মেচখনত বৃহৎ ব্যৱধানত জয় হৈ গ’লৰ গড় হিচাপত তালিকাৰ দ্বিতীয় স্থান অৰ্জন কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷ ছিপাঝাৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ দেওবাৰৰ দিনত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত কামৰূপা এফ চিয়ে ৭-০ গ’লৰ বৃহৎ ব্যৱধানত দৌৰাং এফ চি, ছিপাঝাৰ দলক পৰাস্ত কৰে৷ খেলৰ পাঁচ মিনিটতে বিপক্ষৰ আত্মঘাটি গ’লেৰে ১-০ ৰ অগ্ৰগতি লোৱা কামৰূপাৰ হৈ চিন্ময় দাসে ১৭ আৰু ৩৮ মিনিটত দুটা গ’ল কৰাৰ লগতে নিতুল ৰাভাই ৩২ আৰু ৭৫ মিনিটত দুটা গ’ল দিয়ে৷

আনহাতে, ৫৬ মিনিটত সুশান্ত ৰাভাই আৰু ৮৩ মিনিটত হিতজ্যোতি কছাৰীয়ে কামৰূপাৰ হৈ এটাকৈ গ’ল দিয়ে৷ উল্লেখ্য যে কামৰূপাই প্ৰথম দুখন লীগ মেচত গুৱাহাটী চিটী এফ চি আৰু অৰগেং এফ চিৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ তিনিটা গ’ল হজম কৰা দলটোৱে এটাও গ’ল কৰিব পৰা নাছিল৷ কিন্তু আজি শক্তিশালী প্ৰত্যাৱৰ্তন কৰি মেচত বৃহৎ জয় অৰ্জন কৰি ফুটবলপ্ৰেমীক চমক দিয়ে৷ কামৰূপা, গুৱাহাটী চিটী আৰু দৌৰাং এফ চিৰ সমান পইণ্ট হয় যদিও দেওবাৰৰ মেচত সাতটা গ’ল কৰি তালিকাৰ দ্বিতীয় স্থান অৰ্জন কৰে কামৰূপা দলে৷

ইফালে, দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত গুৱাহাটী চিটী এফ চিক একমাত্ৰ গ’লত পৰাস্ত কৰি অৰগেং এফ চিয়ে প্ৰত্যাশিতভাৱে ফাইনেলত প্ৰৱেশ কৰে৷ খেলৰ ২০ মিনিটত দলৰ হৈ চিতু বসুমতাৰীয়ে গ’ল কৰি অৰগেং এফ চিক লীগত অপৰাজেয় হৈ থকাৰ গৌৰৱ দিয়ে৷ ইয়াৰপূৰ্বে দলে প্ৰথম দুখন মেচত কামৰূপা আৰু দৌৰাং এফ চিক পৰাস্ত কৰিছিল৷

ইফালে, প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰা গুৱাহাটী চিটী এফ চি পৰবৰ্তী দুয়োখন মেচতে অপ্ৰত্যাশিত পৰাজয়ৰ সন্মুখীন হৈ বিদায় ল’বলগীয়া হয়৷ আয়োজকে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ ফাইনেল মেচখন অহা ১৭ মাৰ্চত আবেলি ৪.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷