গুৱাহাটী, ১৬ মাৰ্চ, ২০২৪ : চলিত আৰ ই চি পূব মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ (Boxing Championship) যুৱ আৰু এলিট শাখাত এতিয়ালৈকে অসমৰ ১৬ গৰাকী খেলুৱৈয়ে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ শনিবাৰে হোৱা এলিটৰ কোৱাৰ্টাৰ ফাইনেলত পুৰুষ শাখাত চাৰিগৰাকী তথা মহিলা শাখাত সমসংখ্যক অসমৰ বক্সাৰে জয়লাভ কৰি পদক জয় নিশ্চিত কৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে এলিট মহিলা শাখাত চাৰিগৰাকী তথা যুৱ শাখাত চাৰিগৰাকী ল’ৰা-ছোৱালীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি অতিকমেও ব্ৰঞ্জৰ পদক লাভ কৰাৰ সফলতা অৰ্জন কৰিছিল৷

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ মহিলাৰ এলিট শাখাত শনিবাৰে ৪৮-৫০ কিলোগ্ৰাম ওজনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ সৰস্বতী বড়োৱে গুজৰাটৰ মাধবিবেনক, দ্বিপাঞ্জলী দৈমাৰীয়ে এই ওজন শাখাৰে কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ এল নিটিনহু চিৰক, ৫২-৫৪ কিলোগ্ৰাম ওজন শাখাত কোৱাৰ্টাৰ ফাইনেলত পূজা সোণোৱালে দিল্লীৰ উমাক আৰু গিতিমনি গগৈয়ে ৭০-৭৫ কিলোগ্ৰাম ওজন শাখাত কোৱাৰ্টাৰ ফাইনেলত তামিলনাডুৰ গীতা প্ৰিয়াক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, এই চাৰিগৰাকীৰ লগতে মহিলাৰ এলিটৰ ভিন্ন ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলা অসমৰ ন গৰাকী বক্সাৰে অভিযান সামৰিলেও ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে৷

ইয়াৰ পূৰ্বে অসমৰ তিনি মহিলাই এলিট শাখাৰে ছেমিফাইনেলত প্ৰৱেশৰে অতিকমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ বিপৰীতে সাত মহিলা বক্সাৰে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত খেলাৰ টিকট লাভ কৰিছিল৷ শনিবাৰে ল’ৰাৰ যুৱ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ ছয়গৰাকী বক্সাৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হয়৷ অৱশ্যে পদক বঞ্চিত হলেও ছয়োগৰাকীয়ে অন্তিম আঠত প্ৰৱেশ কৰাৰ সূত্ৰে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে৷ ইয়াৰপূৰ্বে অসমৰ চাৰিগৰাকী বক্সাৰে ল’ৰাৰ যুৱ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি নিজৰ পদক জয় নিশ্চিত কৰাৰ বিপৰীতে কোৱাৰ্টাৰ ফাইনেলত অভিযান সামৰি চাৰিগৰাকীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছিল৷

ছোৱালীৰ যুৱ শাখাৰ ৬৩-৬৭ কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ হৰিপ্ৰিয়া পাটগিৰিয়ে ৰাজ্যৰে খুছি ৰাথাক হৰুৱায়৷ ইফালে, পুৰুষৰ এলিট শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অভিনৱ শইকীয়াই ৬৩-৬৭ কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত উত্তৰাখণ্ডৰ সাগৰ যোশীক হৰুৱাই পদক নিশ্চিত কৰে৷ আনহাতে, ৬৭-৭১ কিলোগ্ৰাম ওজন শাখাত স্বদেশ ৰঞ্জনে উত্তৰ প্ৰদেশৰ আয়ুষ সিঙক, ৭১-৭৫ কিলোগ্ৰাম ওজন শাখাত দেৱাশীষ শইকীয়াই হাৰিয়ানাৰ মনীষ বানিৱালক আৰু ৯২ কিলোগ্ৰাম উধ্বৰ্ৰ ওজন শাখাত খাৰাংগা ৰেগনে তামিলনাডুৰ সন্তোষ কুমাৰক হৰুৱাই ছেমিফাইনেলত প্ৰৱেশৰে পদক জয় নিশ্চিত কৰে৷