গুৱাহাটী, ১৫ ছেপ্টেম্বৰ, ২০২৪ : গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা (Boxing Championship)৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়া (বি এফ আই)ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন আজি উদ্বোধন কৰে দেশৰ অলিম্পিক পদকজয়ী মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে৷

অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় মহিলা বক্সিং দলৰ প্ৰশিক্ষক অসম কন্যা প্ৰনামিকা বৰা, বি এফ আইৰ সচিব প্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাসহ ফেদাৰেছনৰ কেবাজনো বিষয়বৱীয়া৷ আনহাতে, ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, অনূপ চৌধুৰী, কাৰ্ফিউ ৰয়, উপেন চক্ৰৱৰ্তী আদি৷ অহা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাত ল’ৰা-ছোৱালীৰ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু পুৰুষ-মহিলাৰ সকলো ওজন শাখাৰে খেল অনুষ্ঠিত হ’ব৷

ইতিমধ্যে আজিৰে পৰা এলিট আৰু যুৱ শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলসমুহ আৰম্ভ হৈছে৷ দ্বিতীয়বাৰৰ বাবে অসমত হোৱা প্ৰতিযোগিতাখনত ২৮ ৰাজ্য তথা আঠখন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় ছশ খেলুৱৈয়ে অংশ লৈছে৷ আনহাতে, আয়োজক অসমৰ প্ৰায় ডেৰশ বক্সাৰে প্ৰতিযোগিতাত অংশ লৈছে৷ উল্লেখ্য যে বক্সিং ফেডাৰেছন অব ইণ্ডিয়া দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা উলিয়াই অনাৰ লক্ষ্যৰে যোৱা বছৰৰ পৰাই আৰ ই চিৰ সহযোগত ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আয়োজন কৰি আহিছে৷ প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি৷ যোৱাবছৰৰ সফলতাৰ পাছত এইবাৰ পুনৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে৷

এই প্ৰতিযোগিতাত যিসকল খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব সকলোৱে অন্তিম ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব৷ আনহাতে, ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতাৰ পদক বিজয়ী বক্সাৰসকলক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন কৰা হ’ব৷ তদুপৰি প্ৰতিখন মুকলি প্ৰতিযোগিতাৰ পদক বিজয়ীক প্ৰাইজমানি দিব বি এফ আয়ে৷