গুৱাহাটী, ২৩ ছেপ্টেম্বৰ, ২০২৪ : গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ দুটা দিনৰ বিৰতিৰ পাছত কাইলৈৰ পৰা পুনৰ খেল আৰম্ভ হ’ব৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ (BFI) সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰিছে এই প্ৰতিযোগিতাখন।

প্ৰতিযোগিতাখনত কাইলৈৰ পৰা ল’ৰা আৰু ছোৱালীৰ জুনিয়ৰ তথা ছাৱ-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ পূৱা ন বজাৰ পৰাই তিনিটা ৰিঙত খেল অনুষ্ঠিত হ’ব৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ সচিব প্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি এলিট আৰু যুৱ শাখাৰ দৰে জুনিয়ৰ তথা ছাৱ-জুনিয়ৰ শাখাতো অভিলেখসংখ্যক দেশৰ সকলো প্ৰান্তৰ হাজাৰোধিক ল’ৰা-ছোৱালীয়ে নাম পঞ্জিয়ন কৰিছে৷

অসমৰো প্ৰায় এশ নতুন বক্সাৰে বিভিন্ন ওজন শাখাত অংশ ল’ব বুলিও হেমন্ত কুমাৰ কলিতাই জানিবলৈ দিয়ে। উল্লেখ্য যে ইয়াৰপূৰ্বে প্ৰতিযোগিতাত এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ খেল সুকলমে অনুষ্ঠিত হৈ গৈছে৷ অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে দুটা সোণ, ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷