যোৰাবাট : যোৰাবাটত পুনৰ জব্দ এখন গৰু ভৰ্তি ট্ৰাক। ট্ৰাকখনৰ পৰা উদ্ধাৰ ১৩ টাকৈ গৰু। গৰু কেইটা মেঘালয়লৈ নিয়াৰ পথত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক গ্ৰেপ্তাৰ।

গো ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰু সৰবৰাহ। মহানগৰী গুৱাহাটীৰ মাজেৰেও একাংশ গৰু সৰবৰাহকাৰীয়ে গৰুৰ অবৈধ সৰবৰাহ চলাই আছে। মহানগৰীৰ যোৰাবাটেৰে গৰু সৰবৰাহকাৰীয়ে মেঘালয়লৈ গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে।

যোৰাবাটেৰে মেঘালয়লৈ গৰু সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰিছে যোৰাবাট আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৰাবাট আৰক্ষীয়ে অভিযান চলাই এএছ-০২-চিচি-৮৬৬৯ নম্বৰৰ গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰি ট্ৰাকখনৰ পৰা ১৩ টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

যোৰাবাট আৰক্ষীয়ে গৰু সৰবৰাহ কৰা ট্ৰাকখনৰ চালক আব্দুল হুছেইন আৰু হেণ্ডিমেন ইমৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। ট্ৰাকখন নগাঁৱৰ পৰা গৰু আনি মেঘালয়ৰ দিশে গৈ আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৰাবাট আৰক্ষীয়ে পূৰ্বে কেইবাবাৰো মেঘালয়লৈ গৰু নিয়া ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে।