গৌৰীপুৰ, ২৪ ফেব্ৰুৱাৰী, ২০২৪ : সুদৰ টকাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা। সুদত (Interest) টকা দিয়া পক্ষই আক্ৰমণ কৰিলে সুদত টকা লোৱা পক্ষৰ লোকক। এই ভয়ংকৰ মাৰপিটৰ ঘটনাত আহত হৈছে কেইবাজনো লোক। এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ। সুদত টকা দিয়া আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল প্ৰতিবাদ।

ৰাজ্যজুৰি সুদত টকা দিয়া লোক সকলৰ বিৰুদ্ধে চলাইছে অভিযান। অসম আৰক্ষীয়ে ৰাজ্যৰ চুকেকুনে সুদত টকা দিয়া লোক সকলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আছে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে শ শ সুদত টকা দিয়া লোকক। সুদত টকা দিয়া লোকেৰে ভৰি পৰিছে আৰক্ষী থানা সমূহ। সুদত টকা দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ এই ধাৰাবাহিক অভিযানৰ মাজতে সুদৰ টকাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা। এই মাৰপিটৰ ঘটনাত মহিলাসহ আহত হৈছে কেইবাজনো লোক।

সুদৰ টকাক কেন্দ্ৰ কৰি এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰত। শুকুৰবাৰে নিশাৰ ভাগত গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ অষ্টমীৰচৰ গাঁৱত সুদৰ টকাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি আলমগঞ্জ অষ্টমীৰচৰ গাঁৱৰ ওমৰ আলী নামৰ এজন লোকে দীৰ্ঘদিনৰ পৰা অবৈধভাৱে সুদত টকা দিয়াৰ ব্যৱসায় চলাই আছে। ওমৰ আলীয়ে সুদত টকা দি বিভিন্ন জনক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে।

কেইবছৰমান পূৰ্বেঅষ্টমীৰচৰ গাঁৱৰ জহৰ উদ্দিন নামৰ এজন লোকে ওমৰ আলীৰ পৰা ডেৰ লাখ টকা সুদত লৈছিল। জহৰ আলীয়ে কেইবা লাখ টকা ওমৰ আলীক পৰিশোধ কৰিছিল যদিও সুদৰ সম্পূৰ্ণ টকাখিনি পৰিশোধ কৰিব পৰা নাছিল। শুকুৰবাৰে নিশাৰ ভাগত ওমৰ আলীয়ে সুদৰ টকা বিচাৰি জহৰ উদ্দিনৰ হাৰাশাস্তি কৰে আৰু নিজৰ ভাই-ভতিজা সকলক লগত লৈ জহৰ উদ্দিনৰ মাটি বেদখলৰ চেষ্টা চলায় বুলি জহৰ উদ্দিনৰ পক্ষই অভিযোগ উত্থাপন কৰে। জহৰ উদ্দিনৰ মাটিত খুটা দিবলৈ চেষ্টা চলাওঁতে জহৰ উদ্দিনৰ পক্ষই বাধা প্ৰদান কৰাত ওমৰ আলীৰ পক্ষই জহৰ উদ্দিনৰ পক্ষক আক্ৰমণ কৰে।

এই আক্ৰমণৰ ঘটনাত জহৰ উদ্দিন, কমেলা খাতুন, ছফিকুল ইছলাম আৰু পাসান আলী গুৰুত্বৰভাৱে আহত হয়। জহৰ উদ্দিনক সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। ঘটনাৰ পিছতে স্থানীয় ৰাইজে ওমৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সুদৰ টকাক কেন্দ্ৰ কৰি সংঘটিত হোৱা এই ভয়ংকৰ মাৰপিটৰ ঘটনাকলৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।