যোৰহাট, ২৪ মাৰ্চ, ২০২৫ : বিশুদ্ধ খোৱাপানীৰ উপলব্ধতা মানৱ জীৱনৰ এক অপৰিহাৰ্য উপাদান। কিন্তু তাৰ পাছতো অসমৰ বহু গ্ৰাম্য অঞ্চল এতিয়াও এটোপাল বিশুদ্ধ খোৱাপানীৰ (Drinking Water) বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। এনে পৰিপ্ৰেক্ষিততে বিশ্ব জল দিৱস উপলক্ষে অসমৰ গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে কেয়াৰ্ন অইল এণ্ড গেছে। সংস্থাটোৱে নাগিনীজানৰ সমীপৰ পাছ চমুৱা গাঁৱত ৭ টা দমকল স্থাপন কৰি অঞ্চলটোৰ এশৰো অধিক লোকৰ বাবে ব্যৱস্থা কৰিছে বিশুদ্ধ খোৱাপানীৰ।

ইয়াৰ উপৰিও দুটা গুৰুত্বপূৰ্ণ স্থানীয় চৰকাৰী কাৰ্যালয়ত ৰিভাৰ্ছ অস্মোছিছ (আৰঅ’) প্ৰযুক্তিৰ পানী বিশুদ্ধকৰণ যন্ত্ৰ স্থাপন কৰা হৈছে, যাতে প্ৰতিদিনে চৰকাৰী সেৱা বা আইনী বিষয়ৰ বাবে এই কাৰ্যালয়সমূহলৈ অহা-যোৱা কৰা প্ৰায় ৫০০ লোকে বিশুদ্ধ খোৱাপানী পান কৰিব পাৰে। লক্ষ্যণীয় যে, তেওঁলোকে কাম কৰা অঞ্চলসমূহৰ সাধাৰণ ৰাইজৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনাত সহায়ক হোৱাকৈ কেয়াৰ্নে গ্ৰহণ কৰি অহা বৃহত্তৰ সামাজিক উন্নয়ন পৰিকল্পনাৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।

মন কৰিবলগীয়া যে, দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগি আছিল পাছ চমুৱা গাঁওখন। গাঁওখনৰ মূল পানীৰ উৎস আছিল এটা মুকলি পুখুৰী, যিটো সহজে প্ৰদূষিত হৈছিল। ফলত গাঁওবাসীয়ে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়া হৈছিল। এতিয়া গাঁওখনত নতুন দমকল স্থাপনৰ ফলত বিশুদ্ধ খোৱাপানীৰ উপলব্ধতা বৃদ্ধি পাইছে, যাৰ ফলত তেওঁলোকৰ দৈনন্দিন জীৱনৰ পৰিৱৰ্তন ঘটিছে আৰু স্বাস্থ্য সুৰক্ষাৰ বাবে নতুন দিগন্ত মুকলি হৈছে।

পাছ চমুৱা গাঁৱৰ নিৱাসী ঋতুমণি চেতিয়াই কয়, “আগতে আমাৰ খোৱাপানীৰ মূল উৎস আছিল পুখুৰী, কিন্তু সেইটো পৰিষ্কাৰ নাছিল। এতিয়া দমকল স্থাপনৰ ফলত আমি সহজে বিশুদ্ধ পানী লাভ কৰিব পাৰিছো।” গাঁও উন্নয়ন সমিতিয়েও এই পদক্ষেপৰ বাবে কেয়াৰ্নক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। সমিতিৰ সভাপতি টুলটুল শইকীয়াই কয়, “কেয়াৰ্নৰ দলটোৱে আমাৰ সমস্যাৰ কথা ভালদৰে শুনি উপযুক্ত সমাধান আগবঢ়াইছে। তেওঁলোকে দমকল স্থাপনৰ দৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছে। এয়া কেয়াৰ্নৰ বহু সামাজিক উন্নয়ন প্ৰকল্পৰ ভিতৰত এটা মাত্ৰ পদক্ষেপ, যিটো আমাৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা হৈছে।”

উল্লেখ্য যে, বিশ্ব জল দিৱসত কেয়াৰ্নৰ এই পদক্ষেপ সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ আন এক শক্তিশালী নিদৰ্শন। কেয়াৰ্নে এনে লোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যিসকলে এতিয়াও বহনক্ষম আৰু সমাজকেন্দ্ৰিক সমাধানৰ জৰিয়তে মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে সংগ্ৰাম কৰি আছে।