গুৱাহাটী, ১৬ আগষ্টঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দক্ষিণ শালমাৰা-মানকাচাৰৰ শিশুমাৰা, জিঞ্জিৰাম আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্রান্ত লোকসকলৰ লগত মত-বিনিময় কৰে। মুখ্যমন্ত্রীয়ে জনপ্রতিনিধি, স্থানীয় সংগঠন সমূহৰ লগতো বান সাহাৰ্য্য আৰু উদ্ধাৰ অভিযান সমূহৰ বিষয়ে আলোচনা কৰে । বানাক্রান্তৰ লগত হােৱা মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে বান ক্ষতিগ্রস্ত লোকসকলক উদ্ধাৰ আৰু সাহাৰ্য্য আগবঢ়োৱাৰ বিষয়টাে চৰকাৰে অগ্রাধিকাৰৰ দিছে আৰু জিলা প্রশাসনে এই ক্ষেত্ৰত তৎপৰতাৰে কাম কৰিছে। ভাৰত-বাংলাদেশ সীমান্তৱতী দক্ষিণ শালমাৰা-মানকাচাৰৰ বান পৰিস্থিতিৰ বিষয়টাে চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু জিলা প্রশাসনক উদ্ধাৰ, সাহাৰ্য্য অভিযানকে ধৰি প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰাৰ বাবে নির্দেশ দিয়া হৈছে। প্রতি বছৰে জিলাখনত হােৱা বানপানীৰ ফলত যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখীন হ’বলগীয়া বিষয়টােৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে প্রয়াস আৰম্ভ কৰিছে। প্রধানমন্ত্রীয়ে ৰাজ্যখনৰ বানপানীৰ সমস্যাটাে যথেষ্ট গুৰুত্ব সহকাৰে লৈ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রীয়ে দক্ষিণ শালমাৰা-মানকাচাৰৰ উপায়ুক্তক বানপীড়িত লোকৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে। আনহাতে বানপানীৰ সুযোগ লৈ যাতে কোনো দুষ্কার্য সংঘটিত হ’ব নোৱাৰে তাৰ বাবে নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ আৰক্ষী অধীক্ষকক নির্দেশ দিয়ে। জিলা প্রশাসনৰ লগতে অন্যান্য বিভাগ সমূহকো এটা দল হিচাপে বানাক্রান্তৰ বাবে কাম কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। আনহাতে মুখ্যমন্ত্রীয়ে বিএছএফৰ শীর্ষ বিষয়াসকলৰ লগতো বানাক্রান্তৰ উদ্ধাৰ অভিযান সম্পর্কত আলোচনা কৰে। বিএছএফৰ বিষয়া সকলে এই ক্ষেত্ৰত জিলা প্রশাসনক আগবঢ়োৱা সহযোগিতা সম্পৰ্কত মুখ্যমন্ত্রীক অৱগত কৰে। ভ্ৰমণ কালত মুখ্যমন্ত্রীয়ে উজনিৰ পৰা নামি অহা পানী বিশেষকৈ মেঘালয়ৰ পৰা অহা পানীয়ে অঞ্চলটােত কিদৰে প্ৰতি বছৰে বানপানীৰ সৃষ্টি কৰে সেই বিষয়টাে পর্যবেক্ষণ কৰে। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত জলসম্পদ বিভাগৰ পৰাও খতিয়ান লয়। উপায়ুক্ত গৰাকীয়ে মুখ্যমন্ত্রীক অৱগত কৰে যে সাম্প্রতিক বানত জিলাখনৰ মানকাচাৰ সমষ্টিৰ ২৫ খন আৰু দক্ষিণ শালমাৰা সমষ্টিৰ ২,০১১ খন গাঁও প্লাৱিত হৈছে। জিলাখনৰ ৩ লাখ ৬৮ হাজাৰ লোক ক্ষতিগ্রস্ত হৈছে বুলিও উপায়ুক্তগৰাকীয়ে মুখ্যমন্ত্রীক অৱগত কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী উপস্থিত থাকে।