লখিমপুৰ, ২৭ অক্টোবৰ, ২০২৩ : আৰক্ষীৰ নিৰ্যাতনৰ বাবে এজন যুৱকৰ আত্মহত্যা সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াৰ (Dibyajyoti Saikia) প্ৰতিক্ৰিয়া। আৰক্ষীৰ নিৰ্যাতনৰ বাবে দেৰগাঁৱত এজনে যুৱকে আত্মহত্যা কৰা ঘটনাক এক মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

দেৰগাঁৱৰ অজয় দত্ত নামৰ এজন ২১ বছৰীয়া যুৱকে আৰক্ষীয়ে কৰা শাৰীৰিক প্ৰহাৰ আৰু বিনা দোষত ৰাজহুৱা স্থানত কৰা অপদস্তৰ বাবে বিজয়া দশমীৰ দিনা গধুলি আত্মহত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। বৰ্তমান লখিমপুৰত উপস্থিত থকা মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বৰ্তমান সময়ত আৰক্ষীৰ একাংশ লোকে অৰাজকতাৰ সৃষ্টি কৰি বাৰম্বাৰ মানৱ অধিকাৰ উলঙ্ঘন কৰি আহিছে।

একাংশ আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কেৰেপ নকৰি সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলাই অহা পৰিলক্ষিত হৈছে বুলি কয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী গৰাকীয়ে। এজন নিৰ্দোষী যুৱকক আৰক্ষীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে ৰাজহুৱা স্থানত অপদস্ত কৰিবলৈ ক’ত অধিকাৰ পালে বুলি ডঃ দিব্যজ্যোতি শইকীয়া প্ৰশ্ন উত্থাপন কৰে।

ডঃ দিব্যজ্যোতি শইকীয়াই লগতে কয় যে আৰক্ষীয়ে দোষী লোককো এনেধৰনে প্ৰহাৰ কৰিব নোৱাৰে। যদি কোনো লোকে কিবা অপৰাধ কৰে তেতিয়া আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু আৰক্ষীয়ে নিৰ্দোষী এজন সৎ যুৱকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে ৰাজহুৱা স্থানত অপদস্ত কৰা ঘটনাৰ লগতে আত্মহত্যাৰ শদেহ তেৰ, চৈধ্য ঘণ্টা লৈকে গছত ওলোমাই ৰখা কাৰ্যক তেওঁ আমানৱীয় কাৰ্য বুলি উল্লেখ কৰে।

ডঃ দিব্যজ্যোতি শইকীয়াই এই মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দূষিক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে দেশৰ লগতে অসমত আৰক্ষীয়ে কৰা বিভিন্ন নিৰ্যাতন আৰু ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ ভূমিকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ তৰা একমাত্ৰ অসমৰ এইগৰাকী মানৱ অধিকাৰ কৰ্মী ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে সমাদৰ লাভ কৰিছে।