গুৱাহাটী, ২৬ আক্টোবৰ, ২০২৩ : জাপানৰ কৃষিখণ্ডত (Japan Agriculture) অসমৰ প্ৰশিক্ষিত যুৱপ্ৰজন্মৰ নিযুক্তিৰ সন্দৰ্ভত জাপানৰ কৃষি মন্ত্ৰ্যালয়ৰ নেতৃত্বৰ সৈতে গুৱাহাটীত মত বিনিময় কাৰ্যসূচী। কৃষি ক্ষেত্ৰৰ প্ৰতি যুৱপ্ৰজন্মৰ আকৰ্ষণ বৃদ্ধিয়ে এই খণ্ডৰ উৎকৰ্ষ সাধনত অৰিহণা যোগাব পাৰে। জাপানৰ পৰা অহা এটা প্ৰতিনিধি দলে কৃষি তথা ইয়াৰ আনুষংগিক ক্ষেত্ৰৰ সৈতে জড়িত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে গুৱাহাটীৰ নভ’টেল হোটেলত বৃহস্পতিবাৰে এক মত বিনিময় কাৰ্যসূচীত অংশ লয়।

জাপানৰ এচএচডব্লিউ (SSW-Specified Skilled Worker), টিআইটিপি (TITP- (Technical Intern Training Program)ৰ অধীনত জাপানৰ কৃষি ক্ষেত্ৰত কাম কৰিব বিচৰা প্ৰশিক্ষিত সম্ভাৱনাময় প্ৰতিভাসকলৰ বাবে এখন উৎকৃষ্ট মঞ্চ গঢ়ি তোলাটোৱেই হৈছে এই কাৰ্যসূচীৰ অন্যতম মূল উদ্দেশ্য।  জাপানৰ কৃষি, বন আৰু মীন মন্ত্ৰ্যালয়ৰ নেতৃত্বত অহা এই দলটোত উপস্থিত থাকে বিভিন্ন স্বায়ত্তশাসিত তথা ব্যক্তিগত সংস্থাৰ সদস্যসকল।

প্ৰতিনিধি দলটোৱে প্ৰয়োজনীয় দিশসমূহৰ বিষয়ে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে নিযুক্তি প্ৰদানৰো কেতবোৰ বিষয় সন্দৰ্ভত আলোচনা কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থকা কৃষি সঞ্চালক ভাস্কৰ পেগুৱে ভাষণ প্ৰসংগত জাপানত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে থকা সুযোগ-সম্ভাৱনাৰ বিষয়ে কয়। এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু নলবাৰী উদ্যান শস্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিজ্ঞানী তথা বিভাগীয় বিষয়াসকলে অংশগ্ৰহণ কৰে।

উক্ত কাৰ্যসূচীত অধ্যাপক অশোক কুমাৰ চাওলা, উপদেষ্টা (এমইএ, জাপান), জাপানৰ নেশ্যনেল চেম্বাৰ অৱ এগ্ৰিকালচাৰৰ অতিৰিক্ত কাৰ্যবাহী সঞ্চালক আৰু জেনেৰেল মেনেজাৰ শ্বিন কুৰোটানি, কৃষি, বন আৰু মীন মন্ত্ৰ্যালয়ৰ ৰ্যুন’ছুকু টাগাৱা, জাপানৰ নেশ্যনেল চেম্বাৰ অৱ এগ্ৰিকালচাৰৰ ক’হেই এঅ’কি উপস্থিত থাকে।